বিশ্বনাথ,11 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি ৷ একেই ছবি দেখিবলৈ পোৱা গৈছে বিশ্বনাথ জিলাতো ৷ বৃহস্পতিবাৰে জিলাখনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰে গৈ থকা অৱস্থাত প্ৰতিবাদকাৰীৰে ভেটাভেটি হয় গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰাৰ ৷ উত্তপ্ত প্ৰতিবাদকাৰীসকলে বিধায়ক বৰাৰ কনভয়ক ভেটি ধৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হয় ৷ সুযোগ বুজি প্ৰতিবাদকাৰী দলটোৰ আবেষ্টনীৰ পৰা পলায়ন কৰে জন-প্ৰতিনিধিগৰাকী ৷ ৰাইজৰ ৰোষত পৰা বৰাই আশ্ৰয় গ্ৰহণ কৰে জিনজিয়া আৰক্ষী চকীত ৷ পিছত প্ৰতিবাদী জনতাৰ দলটোক নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হয় স্থানীয় আৰক্ষী ৷ উল্লেখ্য যে, ৰাজ্যৰ সৰ্বত্ৰে কেব বিৰোধী জুই এতিয়াও অব্যাহত আছে ৷
ৰাইজৰ ৰোষত জন-প্ৰতিনিধিঃপলায়ন গহপুৰৰ বিধায়ক উৎপল বৰাৰ - MLA Utpal Bora
বিশ্বনাথত ৰাইজৰ ৰোষত পৰে বিজেপি বিধায়ক উৎপল বৰা,প্ৰতিবাদকাৰীসকলে বিধায়ক বৰাৰ কনভয়ক ভেটি ধৰি সাব্যস্ত কৰে প্ৰতিবাদ, ৰাইজৰ ৰোষত পৰা বৰাই আশ্ৰয় গ্ৰহণ কৰে জিনজিয়া আৰক্ষী চকীত

ৰাইজৰ ৰোষত জন-প্ৰতিনিধি