বিশ্বনাথ, 17 জানুৱাৰীঃ ভাৰতীয় জোৱানৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ আৰু ঝাৰখণ্ডৰ উগ্ৰপন্থী বৰ্বৰ আক্ৰমণ বিৰুদ্ধে বিশ্বনাথত প্ৰতিবাদী সমদল ৷ সোমবাৰে সন্ধিয়া বিশ্বনাথৰ কুহিয়াবাৰী শতাধিক মহিলা পুৰুষ যুৱক যুৱতী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হাতে হাতে মম লৈ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে পাকিস্তান মুৰ্দাবাদ, বীৰ জোৱান অমৰ হওক, পাকিস্তান হুচিয়াৰ, সন্ত্ৰাসবাদ নিপাত যাওক, ভাৰত মাতা কি জয় আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিশ্বনাথত উগ্ৰপন্থীৰ বিৰুদ্ধে প্ৰতিবাদ
সোমবাৰে সন্ধিয়া বিশ্বনাথৰ কুহিয়াবাৰী শতাধিক মহিলা পুৰুষ যুৱক যুৱতী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হাতে হাতে মম লৈ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিবাদকাৰীসকলে ৷
বিশ্বনাথত উগ্ৰপন্থীৰ বিৰুদ্ধে প্ৰতিবাদ
উল্লেখ্য যে, বিগত 1 জুনত ঝাৰখণ্ডত মাওবাদীৰে সংঘৰ্যত নিহত হোৱা অসমৰ বীৰ নীৰজ চেত্ৰী শ্বহীদ হোৱাৰ উপৰিও কমলপুৰৰ সুনীল কলিতাকে ধৰি শ্বহীদ হৈছিল অসমৰ আন কেইবাজনো বীৰ জোৱান ৷