বিশ্বনাথ, ১২ আগষ্টঃজাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ে EIA- 2020 গৃহীত কৰিব বিচৰা হঠকাৰী সিদ্ধান্তৰ প্ৰত্যাহাৰৰ দাবীত বুধবাৰে বিশ্বনাথ মহকুমা ছাত্র সন্থাই বিশ্বনাথত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
বিশ্বনাথত EIA-2020 আৰু CAA বাতিলৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী - ৰাজ পথত উত্তাল কৰি তুলে
বিশ্বনাথ মহকুমা ছাত্ৰ সন্থা লগতে বিভিন্ন দল সংগঠনৰ কেইবা শতাধিক সদস্য উপস্থিত থাকি CAA বাতিল কৰক, EIA-2020 মানি লোৱা নহ’ব আদি শ্ল’গানেৰে ৰাজ পথত উত্তাল কৰি তুলে ৷

বিশ্বনাথত EIA-2020 আৰু CAA বাতিলৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী
বিশ্বনাথত EIA-2020 আৰু CAA বাতিলৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী
বিশ্বনাথ মহকুমা ছাত্ৰ সন্থা লগতে বিভিন্ন দল সংগঠনৰ কেইবা শতাধিক সদস্য উপস্থিত থাকি CAA বাতিল কৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, খিলঞ্জীয়া বিৰোধী বিজেপি চৰকাৰ হায়-হায়, EIA-2020 জাপি দিলে মানি লোৱা নহ’ব আদিৰ শ্লগানে ৰাজপথ উত্তাল কৰি তুলে প্ৰতিবাদকাৰী সকলে । ইফালে ক’ভিড-১৯ ক লৈ অসম চৰকাৰে নাটক কৰা বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্র সন্থা কেন্দ্ৰীয় সহকাৰী সম্পাদক দুলদুল বৰকটকীয়ে ।
লগতে পঢ়কঃ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ৮৩০ টকাকৈ