বিশ্বনাথ,৪ জুলাই:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লোকনিৰ্মাণ বিভাগৰ এটা পথ নিৰ্মাণ কেন্দ্ৰ কৰি গহপুৰত একাংশ লোকে ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ গহপুৰ অসম অৰুণাচল সীমান্তৰ অসম মালা পথ নিৰ্মাণ আচঁনি অধীনত আবন্টিত এটা পথ নিৰ্মাণৰ স্থান সলনি কৰাক লৈ ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
প্ৰাপ্ত তথ্য অনুসৰি গহপুৰৰ পৰা অৰুণাচল প্ৰদেশ সংযোগী ৪১৫নং চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱা ঘগৰাবস্তিৰ পৰা লখিমপুৰ জিলাক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া ২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ 'অসম মালা' পথ নিৰ্মাণক লৈ ক্ষোভিত হৈ পৰে ৰাইজ । উল্লেখ্য যে গহপুৰৰ উত্তৰাঞ্চলৰ 'অসম মালা' পথটো ঘগৰাবস্তি হৈ লখিমপুৰ জিলাৰ ধলপুৰলৈকে নিৰ্মাণৰ বাবে চৰকাৰীভাৱে আবন্টিত হৈছিল ২৫০ কোটি টকা ।
এটা বছৰ পূৰ্বে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ঘোষণা কৰিছিল এই কথা আৰু সেই ঘোষণাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গহপুৰৰ সমষ্টিৰ দৈমালুত অনুষ্ঠিত হোৱা আন এখন সভাত ঘোষণা কৰি কয় 'অসম মালা' আচঁনি অধীনত পথটো নিৰ্মাণৰ যাৱতীয় কাম-কাজ প্ৰায় আৰম্ভ কৰা হৈছিলে ।