বিশ্বনাথ, 17 অক্টোবৰ :প্ৰিঞ্চী গগৈৰ অপহৰণ কাণ্ডৰ নতুন মূৰ ৷ প্ৰিঞ্চীৰ অভিযোগ নস্যাত কৰিছে পৰাগ দাস আৰু তেওঁৰ আত্মীয়ই ৷ কিয়নো 15 অক্টোবৰ দিনাই প্ৰিঞ্চীয়ে নিজ ইচ্ছা মতে গহপুৰৰ ঘাঁহিগাঁৱৰ যুৱক পৰাগ দাসৰ সৈতে সংসাৰ কৰিবলৈ আহিছিল ৷ এই কথা পূৰ্বতে স্বীকাৰ কৰিছিল বিশেষভাবে সক্ষম প্ৰিঞ্চী গগৈয়ে ৷
প্ৰিঞ্চী গগৈ আৰু তেওঁৰ আত্মীয়ই অভিযোগ কৰা অনুসৰি, চলিত মাহৰ 15 অক্টোবৰ, দুৰ্গা অষ্টমীৰ দিনা অপহৰণ কৰা হৈছিল প্ৰিঞ্চীক ৷ নিচা জাতীয় দ্ৰব্য সেৱন কৰোৱাৰ লগতে তন্ত্ৰ-মন্ত্ৰ কৰি প্ৰিঞ্চীক গহপুৰ ঘাঁহিগাঁও হুকাজানৰ যুৱক পৰাগ দাসে বিয়া কৰাইছিল ৷ এই ক্ষেত্ৰত পৰাগ দাসক সহায় কৰিছিল তেওঁৰ ভগ্নী আৰু পৰিয়ালে ৷
এই অভিযোগ তৰিছে বিশেষভাবে সক্ষম প্ৰিঞ্চী গগৈয়ে ৷
ইফালে 15 অক্টোবৰত প্ৰিঞ্চী সন্ধানহীন হোৱাত তেওঁৰ পৰিয়ালে ১৬ অক্টোবৰত কাষ চাপে আৰক্ষীৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত আৰু প্ৰিঞ্চীৰ ম’বাইল ট্ৰেছ কৰি গহপুৰৰ ঘাঁহিগাঁৱৰ যুৱক পৰাগ দাসৰ ঘৰত প্ৰিঞ্চীৰ অৱস্থিতি ধৰা পেলাই ৷ তাৰ পাচতেই যুৱতীগৰাকীৰ আত্মীয়ই পৰাগ দাসৰ ঘৰৰ পৰা লৈ আনে প্ৰিঞ্চীক ৷