অসম

assam

ETV Bharat / state

বিশ্বনাথত কেন্দ্ৰীয় টেট উত্তীৰ্ণক নিযুক্তি প্ৰদানৰ দাবী - বিশ্বনাথ জিলা

বিশ্বনাথ জিলা প্ৰাথমিক কেন্দ্ৰীয় টেট উত্তীৰ্ণ সমাজৰ সংবাদমেল সম্বোধন ৷ ৰাজ্যিক টেট উত্তীৰ্ণ সকলৰ দৰে কেন্দ্ৰীয় টেট উত্তীৰ্ণ সকলকো নিযুক্তি প্ৰদানৰ দাবী চৰকাৰলৈ

pressmeet by ctet pass candidate in biswanth
বিশ্বনাথত কেন্দ্ৰীয় টে'ট উত্তীৰ্ণক নিযুক্তি প্ৰদানৰ দাবী

By

Published : Jun 15, 2021, 10:52 PM IST

বিশ্বনাথ, ১৫ জুন :বিশ্বনাথ জিলা প্ৰাথমিক কেন্দ্ৰীয় টেট উত্তীৰ্ণ সমাজে সোমবাৰে বিশ্বনাথ জিলাৰ বিহালীৰ বাঘমাৰীত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বৰ্তমানৰ চৰকাৰৰ ওচৰত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী জনায় ৷

বিশ্বনাথত কেন্দ্ৰীয় টে'ট উত্তীৰ্ণক নিযুক্তি প্ৰদানৰ দাবী

শেহতীয়াকৈ, ৰাজ্য চৰকাৰে ৰাজ্যিক টেট অনুষ্ঠিত কৰি প্ৰাথমিক পৰ্যায়ৰ শিক্ষক নিযুক্তি দিছিল যদিও নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা নাছিল কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে । এইক্ষেত্ৰত কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ উমৈহতীয়া সংগঠনৰ বিশ্বনাথ জিলা সমিতিয়ে সোমবাৰে সংবাদমেলযোগে এইক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলকো নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ দিবলৈ আহ্বান জনায় ।

সমান্তৰালকৈ, NCTE নিয়মাৱলীৰ ১১ নং দফাত উল্লেখ থকা ধৰণেৰে প্ৰতিবছৰে এবাৰকৈ টে'ট অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে ।

লগতে পঢ়ক :বিজ্ঞানসন্মতভাৱে পৰিস্কাৰ কৰা হ’ব মহানগৰীৰ নলা : অশোক সিংঘাল

ABOUT THE AUTHOR

...view details