বিশ্বনাথ, 12 ফেব্ৰুৱাৰীঃসমগ্ৰ বিশ্বতে বৰ্তমান সময়ত জনসাধাৰণক সংকীৰ্ণ কৰি তুলিছে চীনত সংহাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰাণা ভাইৰাছৰ প্ৰভাৱে । এই মাৰাত্মক ভাইৰাছক লৈ ইতিমধ্যে তৎপৰ হৈছে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি অন্যান্য দেশৰ লগতে ভাৰতবৰ্ষ ৷ ক’ৰাণা ভাইৰাছক লৈ বিভিন্ন সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰি দেশৰ স্বাস্থ্য বিভাগে । ক’ৰোণা ভাইৰেছৰ ধৰা কেনেকৈ পেলাব পাৰি তাৰ ওপৰতো সজাগতা সৃষ্টি কৰিছে স্বাস্থ্য বিভাগে ৷ দেশৰ বিভিন্ন বিমানবন্দৰ সমূহতো গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতা ৷
ইফালে ভাৰতৰ অন্যান্য প্ৰান্তৰ লগতে মঙলবাৰে অসমৰ শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়আৰু বিশ্বনাথ জিলা উপায়ুক্তই বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত ক’ৰোণা ভাইৰাছ সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰা হয় ৷