ৰাজ্যজুৰি ৰঙালীক আদৰাৰ প্ৰস্ততি গহপুৰ, 7 এপ্ৰিল: পদুলিমুখত হেঁপাহৰ ৰঙালী বিহু ৷ ৰাজ্যৰ গাঁৱে-ভূঞে, চহৰে-নগৰে প্ৰতিজন অসমীয়া এতিয়া ব্যস্ত আদৰৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতিত ৷ মাত্ৰ কেইটিমান দিনৰ আপেক্ষাৰ পাচতেই সমূহ অসমীয়াই বিলীন হ'ব ৰঙালীৰ ৰঙত (Preparation For Rangali Bihu in Assam) ৷
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথৰ গহপুৰ মহকুমাৰ বিভিন্ন গাঁৱত এতিয়া ৰাইজৰ ৰঙালীক আদৰাৰ সীমাহীন ব্যস্ততা ৷ বিশেষকৈ গহপুৰ মহকুমাৰ ককিলাগুৰি গাঁৱতো দেখা গৈছে সীমাহীন ব্যস্ততা ৷ ব্যস্ত গাঁৱৰ বোৱাৰী-জীয়ৰী, ডেকা-গাভৰু, ঢুলীয়া-নাচনী ৷ ককিলাগুৰি গাঁৱত মুঠতে এতিয়া চৌদিশে ব'হাগক আদৰণি জনোৱাৰ ব্যাপক প্ৰস্তুতি (Preparation For Rangali Bihu at Gohpur) ৷
চহা অসমীয়াৰ বাপতি সাহোন বিহুটিক পদূলি মুখত পাই দুগুণে উৎসাহিত হোৱা দেখা গৈছে গাঁৱৰ মহিলাসকলক ৷ ঢেঁকীৰ শব্দৰে গাঁৱৰ পৰিৱেশ জীপাল হোৱাৰ সমান্তৰালভাৱে জুহালত প্ৰস্তুত হৈছে বিভিন্ন প্ৰকাৰৰ অসমীয়া জলপান, তিলপিঠা, ঘিলা পিঠা, তিলৰ লাড়ু, নাৰিকল লাড়ু, সান্দহগুৰি গুৰি ৷ পিঠা-পনা, জলপানৰ গোন্ধেৰে এতিয়া আমোলমোলাইছে ককিলাগুৰি গাঁও (Rangali Bihu 2023) ৷
গাঁওখনৰ অধিকাংশ মহিলা এক গোট হৈ প্ৰস্তুত কৰিছে বিভিন্ন পিঠা-পনা, জলপান ৷ ঘৰৰ পৰিয়ালৰ বাবে যোগাৰ কৰাৰ লগতে গহপুৰৰ বিভিন্ন প্ৰান্তলৈ এই পিঠা আৰু লাড়ু প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে মহিলা সকল এতিয়া ব্যস্ত হৈ পৰিছে পিঠা-পনা, জলপান প্ৰস্তুত কৰাত ৷ উল্লেখযোগ্য যে, প্ৰতি বছৰে গাঁওখনৰ মহিলাসকল এক গোট হৈ ঘৰতে অসমীয়াৰ আদৰৰ পিঠা-পনা তৈয়াৰ কৰি বিহুৰ বতৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়ে ৷ এই দৰে প্ৰতিটো বিহুতে গাঁৱৰ মহিলা সকলে পিঠা, জলপান তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱেও কিছু স্বাৱলম্বী হোৱা বুলি জানিবলৈ দিয়ে (Rangali Bihu Preparation in Biswanath) ৷
উল্লেখযোগ্য যে, অসমীয়াৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা এই পৰম্পৰা গাঁওখনত পূৰ্বৰ পৰাই চলি আহিছে বুলি জানিবলৈ দিয়ে স্থানীয় মহিলাসকলে ৷ লগতে কয় যে, দুটা বছৰ কভিড মহামাৰীৰ বাবে এই ব্যৱসায় স্তব্ধ হৈ পৰিছিল যদিও এতিয়া পুনৰ পিঠা প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে মহিলাসকলে ৷ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে গহপুৰৰ বিভিন্ন দোকান-বজাৰলৈ প্ৰেৰণ কৰাৰ লগতে ইয়াৰ যথেষ্ট সমাদৰ লাভ কৰা বুলিও উল্লেখ কৰে মহিলাসকলে (Rangali Bihu Preparation in Assam) ৷
লগতে পঢ়ক:Amazon of the East :পূৱৰ আমাজানখ্যাত দিহিং পাটকাই জিলিকি উঠিছে নানাৰঙী অৰ্কিডেৰে