তেজপুৰ, 24 জানুৱাৰী : 74 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন ( 74th Republic day in Assam ) ৷ সেয়ে গণৰাজ্য দিৱসৰ বাবে ৰাজ্যত পৰিলক্ষিত হৈছে ব্যাপক প্ৰস্তুতি ৷ ব্যতিক্ৰম নহয় উষা নগৰী তেজপুৰ (Republic day preparation in Tezpur) ৷
সমাগত 74 সংখ্যক গণৰাজ্য দিৱসক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে পূৰ্ণোদ্যমে প্ৰস্তুতি ৷ ভাৰতীয় সেনাই ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰ সামৰিক কেন্দ্ৰৰ মেঘনা ষ্টেডিয়ামত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ ৷ গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি একাধিক কাৰ্যসূচী অনুষ্ঠিত কৰি 74 সংখ্যক গণৰাজ্য দিৱসটি উদযাপনৰ যো-জা চলাইছে ভাৰতীয় সেনাই (Pre republic day celebration in Tezpur army camp)।
প্ৰাক-গণৰাজ্য দিৱসত অন্যান্য বিভিন্ন কাৰ্যসূচীৰ লগতে দেশপ্ৰেমমূলক নৃত্য-গীত তথা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে ভাৰতীয় সেনাই ৷ প্ৰাক-গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানটিত ভাৰতীয় সেনাই প্ৰদৰ্শন কৰে দুঃসাহসিক কাৰুকাৰ্য, যি হ’ল অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ । গণৰাজ্য দিৱস উদযাপনৰ লগতে জাতিৰ বৈচিত্ৰময় সংস্কৃতি প্ৰদৰ্শনৰ লক্ষ্যৰে ভাৰতীয় সেনাই এই অনুষ্ঠানৰ আয়োজন কৰে ।
প্ৰায় ৫০০০ ৰো অধিক সেৱা কৰ্মীয়ে তেওঁলোকৰ পৰিয়ালৰ লগতে, কেন্দ্ৰীয় বিদ্যালয় আৰু সেনা পাব্লিক স্কুলৰ প্ৰাক্তন সৈনিক, অসামৰিক ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । সেনাৰ ষ্টেচনত নিযুক্তি দিয়া প্ৰতিৰক্ষা কৰ্মীসকলে পৰিয়ালৰ সৈতে ব্যস্ততাপূৰ্ণ জীৱনটো প্ৰাক-গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠান উপভোগ কৰাৰ বাবে সুযোগ লাভ কৰে ৷