অসম

assam

ETV Bharat / state

বিশ্বনাথ জিলালৈ পোষণ অভিযানৰ বিশেষ কৃতিত্বৰ বঁটা

মহিলা আৰু শিশুসকলৰ উপযুক্ত পৰিপুষ্টি সুনিশ্চিত কৰাৰ অৰ্থে বিগত ছেপ্তেম্বৰ মাহজুৰি সমগ্ৰ দেশতে ৰূপায়িত পোষণ অভিযানত দেখুওৱা বিশেষ কৃতিত্বৰ বাবে বিশ্বনাথ জিলাক পুৰস্কৃত কৰা হৈছে । এই অভিযানত সমূহীয়া ভিত্তিত হাতত লোৱা কাৰ্যসূচীসমূহৰ ব্যাপক সফলতাৰ বাবে জিলাখনলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷

বিশ্বনাথলৈ পোষণ অভিযানৰ বিশেষ কৃতিত্বৰ বঁটা

By

Published : Nov 9, 2019, 11:12 PM IST

বিশ্বনাথ, 9 নৱেম্বৰঃ বিশ্বনাথ জিলালৈ পোষণ অভিযানৰ বিশেষ কৃতিত্বৰ বঁটা ৷ মহিলা আৰু শিশুসকলৰ উপযুক্ত পৰিপুষ্টি সুনিশ্চিত কৰাৰ অৰ্থে বিগত ছেপ্তেম্বৰ মাহজুৰি সমগ্ৰ দেশতে ৰূপায়িত পোষণ অভিযানত দেখুওৱা বিশেষ কৃতিত্বৰ বাবে বিশ্বনাথ জিলাক পুৰস্কৃত কৰা হয় । এই অভিযানত সমূহীয়া ভিত্তিত হাতত লোৱা কাৰ্যসূচীসমূহৰ ব্যাপক সফলতাৰ বাবে জিলাখনলৈ এই বঁটা আগবঢ়োৱা হয় । শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে ।

বিশ্বনাথলৈ পোষণ অভিযানৰ বিশেষ কৃতিত্বৰ বঁটা

উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে অনুষ্ঠানত অংশ ল'ব নোৱৰাত তেওঁৰ হৈ মুখ্যমন্ত্ৰীৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে বিশ্বনাথ জিলাৰ সহকাৰী আয়ুক্ত অনন্যা লহকৰে । এই বঁটাত আছে এখন মানপত্ৰ আৰু পঞ্চাছ হাজাৰ টকাৰ এখন চেক । পোষণ অভিযানৰ দেখুওৱা বিশেষ কৃতিত্বৰ স্বীকৃতি স্বৰূপে এই বঁটা লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা বাবে উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে এই অভিযানৰ লগত জড়িত প্ৰতিগৰাকী কৰ্মকৰ্তালৈকে আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতিসকলৰ স্বাস্থ্য ৰক্ষাৰ প্ৰতি বিশেষ দৃষ্টি প্ৰদান কৰাৰ উদ্দেশ্যে ২০১৮ চনৰ ৮ মাৰ্চত ‘পোষণ অভিযান’ৰ শুভাৰম্ভ কৰে । ই এনে এক ৰাষ্ট্ৰীয় অভিলাষী আঁচনি যাৰ অধীনত জন্মৰ পৰা ৬ বছৰৰ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পৰিপুষ্টিৰ অৱস্থা উন্নত কৰা হয় । পোষণ অভিযানৰ অংশ হিচাপে গৰ্ভৱতী মাতৃৰ যতন(স্বাস্থ্য আৰু পুষ্টি), শিশুক জন্মৰ পৰা ছমাহলৈ কেৱল মাতৃদুগ্ধ পান, শিশুৰ ছমাহ হোৱাৰ লগে লগে মাতৃ দুগ্ধৰ উপৰিও পৰিপূৰক খাদ্য প্ৰদান, শিশু, কিশোৰ আৰু গৰ্ভৱতী মহিলাৰ ৰক্তহীনতা দূৰীকৰণ, অংগনৱাড়ী কেন্দ্ৰত শিশুৰ ওজন লৈ ইয়াৰ বৃদ্ধি আৰু স্বাস্থ্য নিৰীক্ষণ কৰা, কন্যা শিশুৰ উপযুক্ত শিক্ষা, খাদ্য আৰু বিবাহৰ সঠিক বয়সৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, পুষ্টিহীনতা দূৰীকৰণৰ বাবে গুণবৰ্ধক আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ, স্বচ্ছতা আৰু অনাময় ব্যৱস্থাৰ লগতে সৰ্বসাধাৰণ লোকৰ জীৱনশৈলী উন্নত কৰা আদি বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় । এই অভিযানৰ লগত সমাজ কল্যাণ বিভাগৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগো জড়িত হৈ আছে ।

ABOUT THE AUTHOR

...view details