অসম

assam

ETV Bharat / state

হাতে হাতে কোৰ-বেলচা লৈ এদল যুৱক - চৰকাৰৰ দায়িত্বজ্ঞানহীনতা]

চৰকাৰে নকৰে, নিজেই লৈছে পথ নিৰ্মাণৰ উদ্যোগ

পথ নিৰ্মাণত ব্যস্ত এদল যুৱক

By

Published : Feb 25, 2019, 4:27 PM IST

বিশ্বনাথ, ২৫ ফেব্ৰুৱাৰী : বিশ্বনাথৰ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ-গাংমৌথান সংযোগী পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক । পথটোৰ অধিকাংশ স্থানতে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ।

পথ নিৰ্মাণত ব্যস্ত এদল যুৱক
দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গাংমৌথানলৈ যোৱা একমাত্ৰ সংযোগী এই পথছোৱাৰ বিধ্বস্ত ৰূপৰ বাবেই যমৰ যাতনা ভোগ কৰি আহিছে সৰ্বসাধাৰণ ৰাইজে । ইপিনে পথৰ দুৰৱস্থাৰ বাবেই সঘনাই সংঘটিত হৈ আহিছেদুৰ্ঘটনা । যাৰ বাবে এনেদৰেই সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে নিজা খৰচত শিল বালি ক্ৰয় কৰি পথছোৱা মেৰামতি কৰিবলৈ ওলাই আহে অঞ্চলটোৰ এদল যুৱক ।

উল্লেখ্য যে এই পথছোৱাৰে দৈনিক প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়, মহাবিদ্যালয়লৈ অহা-যোৱা‌ কৰাৰ সমান্তৰালকৈ ৰবিহালী আৰক্ষী থানা, পশু চিকিৎসালয়কে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়লৈ ৰাইজে অহা-যোৱা কৰে যদিও কোনো বিভাগীয় বিষয়া-কৰ্মচাৰীৰ চকুত পৰা নাই পথছোৱাৰ দুৰৱস্থা।

ABOUT THE AUTHOR

...view details