বিশ্বনাথ,3জুন : এশ-এবুৰি সমস্যাৰে জৰ্জৰিত গহপুৰৰ পূব প্ৰান্তৰ ৰঙাজান মিচিং গাঁও । পাহাৰীয়া চেঁচা নৈৰ পাৰত অৱস্থিত গাঁওখনৰ বাসিন্দাই যাতায়াতৰ ক্ষেত্ৰত বহু বছৰ ধৰি ভুগি আহিছে যাতায়াতৰ সমস্যাত । গাঁওখনত নাই সূচল বাট-পথৰ ব্যৱস্থা । নৈৰ বুকুৱেদি দৈনিক যাত্ৰা কৰে গাঁওবাসীয়ে ৷
ৰঙাজান মিচিং গাঁওবাসীৰ সমস্যাৰ ওৰ পৰিবনে ? - যাতায়াতৰ সমস্যা
গহপুৰৰ পূব প্ৰান্তৰ ৰঙাজান মিচিং গাঁৱত যাতায়াতৰ সমস্যা ৷ দীৰ্ঘদিন ধৰি সুচল পথৰ অভাৱত চেঁচা নৈৰ বুকুৱেদি অহা-যোৱা কৰিব লগা হৈছে গাঁওবাসীয়ে ৷
সমস্যাৰে জৰ্জৰিত ৰঙাজান মিচিং গাঁও
আনকি গাঁওখনলৈ নাহে এম্বুলেঞ্চ আৰু ব্যক্তিগত যান-বাহনো । বছৰৰ বাৰমাহেই চেঁচা নৈৰ বুকুৱেদি যাতায়ত কৰিবলগীয়া হয় অঞ্চলবাসীয়ে । বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ নকৰাৰ ফলত প্ৰতিবছৰেই বানে জুৰুলা কৰে অঞ্চলবাসীক । মুঠতে সমস্যাই লগ নেৰে ৰঙাজান মিচিঙৰ লগতে সমীপৰ কেইবাখনো গাঁৱৰ ৰাইজক ।
লগতে পঢ়ক :কৰিমগঞ্জত বন বিভাগৰ উচ্ছেদ অভিযান