অসম

assam

By

Published : Sep 9, 2020, 6:14 PM IST

ETV Bharat / state

শয্যাশায়ী পুত্ৰক সুস্থ কৰি তোলাত ব্যৰ্থ এহাল অসহায় পিতৃ-মাতৃ

হাজাৰ চেষ্টাৰ পাচতো শয্যাশায়ী পুত্ৰক সুস্থ কৰি তোলাত ব্যৰ্থ বিশ্বনাথ জিলাৰ এহাল অসহায় পিতৃ-মাতৃ ৷ কোনো অচিন ৰোগত আক্ৰান্ত হৈ বিগত প্ৰায় 6 মাহে শয্যাগত অৱস্থাত আছে গহপুৰৰ চেঙাইগাঁৱৰ সঞ্জীৱ ৰায় নামৰ এগৰাকী যুৱক ৷

শয্যাশায়ী পুত্ৰ
শয্যাশায়ী পুত্ৰ

বিশ্বনাথ, 9 ছেপ্তেম্বৰ:কোনো অচিন ৰোগত আক্ৰান্ত হৈ বিগত প্ৰায় 6 মাহে শয্যাগত অৱস্থাত আছে গহপুৰৰ চেঙাইগাঁৱৰ সঞ্জীৱ ৰায় নামৰ এগৰাকী যুৱক ৷ একমাত্ৰ পুত্ৰৰ যন্ত্ৰণাময় অৱস্থা দেখি নীৰৱে কেৱল চকুপানী টুকাৰ বাহিৰে আন কোনো উপায় নোহোৱা হৈছে অসহায় পিতৃ-মাতৃৰো ৷ কিয়নো আৰ্থিক দীনতাই কোঙা কৰি পেলাইছে পৰিয়ালটোক ৷ এখন সৰু হোটেল দি পৰিয়াল চলাই থকা গোপাল চন্দ্ৰ ৰায়ে একমাত্ৰ পুত্ৰ সঞ্জীৱ ৰায়ৰ চিকিৎসা কৰি ইতিমধ্যে সৰ্বস্বান্ত হৈ পৰিছে ৷ সম্প্ৰতি অধিক গুৰুতৰ হৈ পৰিছে সঞ্জীৱ অৱস্থা ৷

শয্যাশায়ী পুত্ৰক সুস্থ কৰি তোলাত ব্যৰ্থ এহাল অসহায় পিতৃ-মাতৃ

ইতিমধ্যেই পুত্ৰৰ চিকিৎসাৰ নামত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে হালৰ গৰু ভেঁটিৰ মাটি বিক্ৰী কৰিও সফল হ'ব পৰা নাই ৷ যাৰ বাবে এতিয়া পুত্ৰক গুৱাহাটীলৈ নি চিকিৎসা কৰাৰ বাবেও অপাৰগ হৈ পৰিছে অসহায় পৰিয়ালটো ৷ সেয়েহে অসহায় পৰিয়ালোৱে সম্প্ৰতি সঞ্জীৱৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায় আগবঢ়াবলৈ সংবাদ মাধ্যমযোগে অনুৰোধ জনালে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷ ৩০ বছৰ বয়সতে অচিন ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ থকা সঞ্জীৱৰ চিকিৎসাৰ বাবে যদি কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰে তেন্তে ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ গহপুৰ শখাত সঞ্জীৱ ৰায়ৰ নামত থকা 2052010031851 একাউন্ট নম্বৰত কিছু আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে ৷ অথবা ৯১০১২৫৫৪৫৪মোবাইল নম্বৰ যোগাযোগ কৰিব পাৰে অসহায় পৰিয়ালটোৰ সৈতে ৷

লগতে পঢ়ক:গোলাঘাটত শুৰ পোকৰ উপদ্ৰৱঃ ঘোৰ নিদ্ৰাত মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details