অসম

assam

ETV Bharat / state

বিশ্বনাথত কাঠৰ খুটাত বিদ্যুতৰ তাঁৰ - অসম নিউজ

যি সময়ত ৰাজ্য চৰকাৰে গ্ৰাম্যঞ্চল সমূহত বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ শ্ল'গান দি আহিছে তেনে সময়তে বিশ্বনাথ কহিয়াবাৰী বস্তি গাঁৱত দেখিবলৈ পোৱা গৈছে এক বিপৰীত দৃশ্য ৷

বিশ্বনাথত কাঠৰ খুটাত বিদ্যুতৰ তাঁৰ

By

Published : Jul 3, 2019, 3:27 PM IST

বিশ্বনাথ, 3 জুলাইঃ বিশ্বনাথত শক্তি বিভাগৰ আজৱ কাণ্ড ৷ বছৰ বছৰ ধৰি কাঠৰ খুটাত সংযোগ হৈ আছে বৈদ্যুতিক তাঁৰ । আতংকিত গঞা ৰাইজ । যি সময়ত ৰাজ্য চৰকাৰে গ্ৰাম্যঞ্চল সমূহত বিদ্যুৎ যোগান নিয়মীয়া কৰণৰ শ্ল'গান দি আহিছে তেনে সময়তে বিশ্বনাথ কহিয়াবাৰী বস্তি গাঁৱত দেখিবলৈ পোৱা গৈছে শক্তি বিভাগৰ বিপৰীত দৃশ্য । বিগত বছৰ বছৰ ধৰি উন্মুক্তভাৱে পকী খুটা পৰিৱৰ্তে লাগি আছে কাঠৰ খুটাত বৈদ্যুতিক তাঁৰ ৷ ফলত আতংকিত হৈ পৰিছে ৰাইজ ৷ কাৰণ বিগত কিছুদিন পূৰ্বে বিশ্বনাথত 11 হাজাৰ ভল্টত তাৰত লাগি এজন অস্থায়ী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী মৃত্যু মুখত পৰিছিল ৷ কিন্তু ইমানৰ পাততো বিশ্বনাথৰ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া গভীৰ নিদ্ৰাত ৷

বিশ্বনাথত কাঠৰ খুটাত বিদ্যুতৰ তাঁৰ

আনহাতে, একাংশ পৰিয়ালে বিদ্যুৎ যোগান চৰকাৰীভাৱে লোৱাৰ বিপৰীতে বিদ্যুৎ চুৰি কৰা দৃশ্য পৰিলক্ষিত হৈছে ৷ কিন্তু এই দৃশ্য দেখাৰ পাচতো শক্তি বিভাগে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

ABOUT THE AUTHOR

...view details