বিশ্বনাথ, 3 জুলাই : ৰাজ্যৰ পশু বিভাগৰ পয়ালগা ছবিখন শেহতীয়াকৈ উন্মোচিত হৈছে ৷ বহু জিলাত থকা পশু চিকিৎসালয়ৰ শোচনীয় ৰূপ সংবাদমাধ্যমে প্ৰকাশ কৰিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ আন আন জিলাৰ লগতে পশু বিভাগৰ পয়ালগা ছবিখন উন্মোচিত হৈছে শোণিতপুৰ জিলা গহপুৰ মহকুমাতো ৷ গহপুৰৰ পশু চিকিৎসালয়ৰ প্ৰকৃতস্বৰূপ দেখি ভাবিবলৈ বাধ্য হৈ পৰিব যে চৰকাৰৰ দৃষ্টিত উন্নয়নৰ প্ৰকৃত অৰ্থ কি আচলতে ! উল্লেখ্য যে, চলিত বর্ষত গহপুৰত প্ৰথমটো বানে বিভীষিকাৰ সৃষ্টি কৰিছিল ৷ বিশেষকৈ প্ৰথমটো বানত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে গহপুৰ সমষ্টিৰ অধিকাংশ গ্ৰামাঞ্চলৰ হাজাৰ হাজাৰ কৃষক ৰাইজ ।
কৃষকসকলৰ লগতে বানত সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে পশুপালক সকলো ৷ বানৰ পাচত গহপুৰৰ বিভিন্ন অঞ্চলৰ পশুধনৰ মাজত কেতবোৰ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে পশুপালকসকল ৷ বিশেষকৈ আফ্ৰিকান ছোৱাইন ফিভাৰে গহপুৰ সমষ্টিৰ লগতে ৰাজ্যৰ বহু কেইখন জিলাত গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৷ ইয়াৰ মাজতে উন্মোচিত হৈছে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা খণ্ডৰ পয়ালগা ছবি ৷
গাঁৱে–ভূঞে পশুপালকসকলক সকাহ দিবলৈ এতিয়া ৰাজ্যৰ লগতে গহপুৰ সমষ্টিত নাই পর্যাপ্ত পশু চিকিৎসক আৰু পশু চিকিৎসালয় । যি কেইখন আছে তাতো ক’ৰবাত নাই এজনো পশু চিকিৎসক নতুবা আকৌ আন ক’ৰবাত চিকিৎসালয় অৱস্থা একেবাৰে শোচনীয় । নাই পৰ্যাপ্ত চিকিৎসক আৰু ঔষধ, যাৰ ফলত এতিয়া শ শ পশুপালকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । বিশেষকৈ শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ দক্ষিণ অঞ্চলৰ গো-পালক সকলৰ অধিক সমস্যাই দেখা দিছে ।