অসম

assam

ETV Bharat / state

পেচাত ডাইভ্ৰাৰ নিচাত এজন শিল্পী, বনায় কাঠৰ গীতাৰ - আৰ্থিক সহায়

বিশ্বনাথৰ ভাস্কৰ্য্যশিল্পী কৃষ্ণকান্ত হাজৰিকাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মঞ্চত নিজে সাজি উলিওৱা গীটাৰৰে অনুষ্ঠান পৰিৱেশন কৰি আহিছে । হাজৰিকাই অসমৰ খ্যাতনামা কণ্ঠশিল্পী বিদ্যাসাগৰ ,নাহিদ আফ্ৰিনৰ গীততো গীতাৰ বাদক ৰূপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ তাৰোপৰি হাজৰিকাই বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ লগতে গীতাৰ সাজি উলিয়াইছে ৷

সংকটত ভাস্কৰ্য্যশিল্পী কৃষ্ণকান্ত হাজৰিকা

By

Published : Aug 21, 2019, 2:32 PM IST

Updated : Aug 21, 2019, 3:17 PM IST


বিশ্বনাথ, 21 আগষ্টঃ বিশ্বনাথৰ এগৰাকী সু-নিপুণ ভাস্কৰ্য্যশিল্পী ৷ তেখেতৰ নাম কৃষ্ণকান্ত হাজৰিকা । পেচাত এগৰাকী গাড়ী চালক,কিন্তু তেখেতৰ আছে অ-সাধাৰণ প্ৰতিভা ৷

সংকটত ভাস্কৰ্য্যশিল্পী কৃষ্ণকান্ত হাজৰিকা

বিশ্বনাথৰ বালিচাঙৰ অন্তৰ্গত লছমনবস্তি গাৱঁত ঘৰ কৃষ্ণকান্ত হাজৰিকাৰ ৷ বাপন তথা কে কে নামেৰে খ্যাত যুৱক জন পেচাত এগৰাকী গাড়ী চালক ৷ সংগীততো বিশেষ ৰাপ থকা যুৱক জনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মঞ্চত নিজে সাজি উলিওৱা গীটাৰ বজাই গীতাৰবাদক ৰূপে সকলোৰে পৰিচিত । যুৱকজনে অসমৰ খ্যাতনামা কণ্ঠশিল্পী বিদ্যাসাগৰ ,নাহিদ আফ্ৰিনৰ গীততো গীতাৰ বাদক ৰূপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ উপৰিও অনাতাঁৰ কণ্ঠশিল্পী সকলৰ সৈতেও গীতাৰ বজাই সুনাম অৰ্জন কৰে হাজৰিকাই ৷ উল্লেখ্য যে, হাজৰিকাই কাঠেৰেই সাজি উলিযাইছে নানা ধৰণৰ গীতাৰৰ লগতে জীৱ-জন্তুৰ চিহ্ন ৷ তেঁও সাজি উলিওৱা গীটাৰ সমুহ চাবৰ বাবে বিভিন্ন স্থানৰ মানুহৰ সমাগম হৈছে তেঁওৰ ঘৰলৈ ৷
পৰিতাপৰ বিষয় যে, কৃষ্ণ কান্ত হাজৰিকাৰ আৰ্থিক দিশ একেবাৰে শোচনীয় ৷ এই পৰ্যন্ত কোনো ধৰনৰ চৰকাৰী সা-সুবিধা লাভ কৰা নাই হাজৰিকাই ৷ সেয়েহে তেওঁ চৰকাৰক কিছু আৰ্থিক সহায়ৰ বাবে আহ্বান জনাইছে।

Last Updated : Aug 21, 2019, 3:17 PM IST

ABOUT THE AUTHOR

...view details