গোলাঘাট,7মে' : শুকুৰবাৰে গোলাঘাট জিলাত মাস্ক পৰিধান নকৰা লোকৰ ওপৰত সৰৱ হৈ পৰিল গোলাঘাট জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগ । মাস্ক পৰিধান নকৰি ৰাজহুৱা স্থানত ঘুৰি ফুৰা লোকক এখ অভিনৱ পন্থাৰে সজাগ কৰাৰ চেষ্টা কৰিলে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে ।
গোলাঘাটত মাস্ক পৰিধান নকৰা লোকৰ ডিঙিত প্ৰশাসনে ওলমালে ফলক
গোলাঘাটত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে সৰৱ হৈ পৰিল গোলাঘাট জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগ ৷ মাস্ক পৰিধান নকৰা লোক সকলৰ ডিঙিত ফলত ওলমাই সমাজত ক’ভিডক লৈ সজাগতা অনাৰ চেষ্টা কৰিলে জিলা প্ৰশাসনে ৷
উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ আৰু ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । জিলা প্ৰশাসনে এই মহামাৰীৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ বিভিন্ন ধৰনেৰে বহু সতৰ্কতা অৱলম্বন কৰি আহিছে যদিও কাণসাৰ নাই একাংশ লোকৰ । এই দায়িত্ব জ্ঞানহীন লোক সকলক এসেকা দি ৰাইজক আৰু অধিক সজাগ কৰাৰ উদ্দেশ্যৰে শুকুৰবাৰে এক অভিনৱ পদক্ষেপ হাতত লয় প্ৰশাসন তথা আৰক্ষী বিভাগে ৷ মাস্ক পৰিধান নকৰা লোক সকলৰ ডিঙিত ফলক ওলমাই তেওঁলোকক সমাজত কৰ'ণা ভাইৰাছ সংক্ৰমণ কৰাৰ বাবে অপৰাধী হিচাপে উল্লেখ কৰে আৰু সকলোকে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনায় প্ৰশাসনে ৷
অন্য এক খবৰৰ বাবে: বিলাসীপাৰাত আৰম্ভ ক'ভিড-১৯ ৰ ভেকচিনেচন প্ৰক্ৰিয়া