অসম

assam

ETV Bharat / state

শোণিতপুৰ জিলা আৰক্ষী আজৱ কাণ্ড: ৭ বজাৰে পৰা বন্ধ কৰি ৰাখিলে ট্ৰাকৰ চলাচল - Truck service stop on nh15

শোণিতপুৰ জিলা আৰক্ষী আজৱ কাণ্ড । হঠাৎ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ চলাচল বন্ধ কৰিলে আৰক্ষীয়ে(Truck service stop on nh15) । হাহাকাৰ পৰিৱেশ বিৰাজ কৰে ট্ৰাক চালকৰ মাজত ।

police stop truck sevice on nh15
শোণিতপুৰ জিলা আৰক্ষী আজৱ কাণ্ড: ৭ বজাৰে পৰা বন্ধ কৰি ৰাখিলে ট্ৰাকৰ চলাচল

By

Published : Oct 8, 2022, 10:37 PM IST

বিশ্বনাথ,৮ অক্টোবৰ:শোণিতপুৰ জিলা আৰক্ষী আজৱ কাণ্ডত ক্ষোভিত হৈ পৰিছে একাংশ ট্ৰাক চালক । শনিবাৰে পুৱা ৭ বজাৰ পৰা হঠাৎত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা মালবাহী ট্ৰাকসমুহৰ চলাচল বন্ধ কৰি দিয়াত ক্ষোভিত হৈ পৰে একাংশ ট্ৰাক চালক(Truck service stop on nh15) । উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনি দিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈছে ।

যাৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নিৰাপত্তা আৰু যানজঁটৰ অজুহাত দেখুৱাই শনিবাৰে হঠাৎ কোনো আগতীয়াকৈ জাননী নিদিয়াকৈ শোণিতপুৰ আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চলাচল কৰা মালবাহী ট্ৰাকসমূহ শোণিতপুৰ কুসুমতলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চলাচল বন্ধ কৰি দিয়ে(Truck service stop at Biswanath) । যাৰফলত ট্ৰাক চালকসকলৰ মাজত এক হাঁহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ।

শোণিতপুৰ জিলা আৰক্ষী আজৱ কাণ্ড: ৭ বজাৰে পৰা বন্ধ কৰি ৰাখিলে ট্ৰাকৰ চলাচল

ট্ৰাক চালকসকলে খাদ্য আৰু খোৱা পানীৰ সংকটে দেখা দিয়ে । ইয়াকলৈ ক্ষোভিত হৈ পৰে একাংশ ট্ৰাক চালক । আৰক্ষীয়ে হঠাৎ লোৱা পদক্ষেপৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ট্ৰাক চালকসমুহ ।

লগতে পঢ়ক:নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত ভূমিস্খলন

ABOUT THE AUTHOR

...view details