বিহালী,২৮ মে': গৰমৰ সময়চোৱাত আপোনাৰ শিশুটিয়ে যদি আইচক্ৰীম খাব বিচাৰে তেন্তে পূৰ্বতকৈ এতিয়া হওক অধিক সচেতন । নহ'লে আইচক্ৰীমৰ লগত পতংগ খাই অসুস্থ হৈ পৰিব পাৰে আপোনাৰ সন্তান । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লোকসকলে নহ'লেও বিশেষকৈ বিহালীবাসী এই ক্ষেত্ৰত হওত অধিক সচেতন । অন্যথা প্ৰচণ্ড গৰমত আইচক্ৰীমৰ সোৱাদ লওতেই আপোনাৰ পেটলৈ যাব পাৰে কেঁচু অথবা শামুক ।
কিয়নো বিহালী সমষ্টিৰ বৰগাঙত থকা এটা বৰফ প্ৰস্তুতকাৰী উদ্যোগে সহজতে ধন ঘটাৰ মানসিকতাৰে দীৰ্ঘদিনে উলংঘা কৰি আহিছে খাদ্য সংশোধনী আইনৰ সকলো নিয়ম । এনে পৰিপ্ৰেক্ষিততে একাংশ বৰফ প্ৰস্তুতকাৰী উদ্যোগত উৎপাদিত বৰফত কৰবাত যদি আলপিন পোৱা গৈছে, আন কৰবাত আকৌ পোৱা গৈছে প্লাষ্টিকৰ টুকুৰা । শেহতীয়াকৈ এইবাৰ আইচক্ৰীমৰ ভিতৰত ওলালে শামুক(Poisonous insects in ice cream in Bihali) ।
বিভিন্ন সময়ত এনে ধৰণৰ বহু অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে এইবাৰ বৰগাঙৰ এজন বৰফ বেপাৰীৰ আইচক্ৰীমত ওলাল প্ৰকাণ্ড শামুক । জানিব পৰা মতে বেপাৰীজনে অঞ্জলি আইচক্ৰীম ফেক্টৰীৰ পৰা সংগ্ৰহ কৰিছিল আইচক্ৰীমখিনি ।