বিশ্বনাথ, 26 জুনঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা বিশ্বনাথ অপৰাধ অনুসন্ধান বন সংমণ্ডলৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱা আৰু কাজিৰঙা (কহৰা) বনাঞ্চলিক কাৰ্যালয়ৰ বন পালক বাস্তৱ বৰকটকী নেতৃত্বত যোৱা এটি বন সুৰক্ষা বাহিনীৰ দলে সোমবাৰে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ গংগা বস্তি পৰা আটক কৰিবলৈ সক্ষম হয় পবিন হাজৰিকা নামৰ এজন কুখ্যাত চোৰাং চিকাৰী ৷ যোৱা মাৰ্চ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুখুটি বন শিৱিৰ এলেকাত এটা গঁড় হত্যা কৰিছিল এটা চোৰাং চিকাৰীৰ দলে । উক্ত চোৰাং চিকাৰী দলটোৱে গঁড়টো হত্যা কৰি খড়্গ লৈ উধাও হোৱা পাচত বন বিভাগে তদন্ত অব্যাহত ৰাখিছিল ।
অপৰাধ অনুসন্ধান বন সংমণ্ডলৰ জালত কুখ্যাত চোৰাং চিকাৰী - RHINO
অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা আটক কুখ্যাত চোৰাং চিকাৰী ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা বিশ্বনাথ অপৰাধ অনুসন্ধান বন সংমণ্ডলৰ সফলতা ৷

অপৰাধ অনুসন্ধান বন সংমণ্ডলৰ জালত কুখ্যাত চোৰাং চিকাৰী
অপৰাধ অনুসন্ধান বন সংমণ্ডলৰ জালত কুখ্যাত চোৰাং চিকাৰী
সেই তদন্ত ভিত্তিত সোমবাৰে বন বিভাগৰ এক গোপন তথ্য ভিত্তিত ইটানগৰ জিলা আৰক্ষী অধীক্ষক (কেপিটেল) বিষয়া তুমনে এমু আৰু আৰক্ষী বিষয়া এন নিচান সহযোগত বন সুৰক্ষা বাহিনীৰ দলটোৱে এজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
ইতিমধ্যে গড় হত্যা লগত জড়িত দুই কুখ্যাত চোৰাং চিকাৰী ক্ৰমে বাপকন দাস আৰু বিজয় দাসক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । আটাইকেইজন চোৰাং চিকাৰী ঘৰ বিহালী আৰু ৰাংছালীত বুলি জানিব পৰা গৈছে ৷ অধিক তথ্য বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা বাহিনীৰ দলটোৱে তদন্ত অব্যাহত ৰাখিছে ।