অসম

assam

ETV Bharat / state

বিশ্বনাথত কুখ্যাত চোৰাং চিকাৰী আটক

বৃহস্পতিবাৰে বিশ্বনাথত কুখ্যাত চোৰাং চিকাৰী আটক । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল জুণ্টি দাস নামৰ চোৰাং চিকাৰীটোৰ নেতৃত্বাধীন এটা 7 জনীয়া চোৰাং চিকাৰীৰ দলে ৷

Poacher arrest at Biswanath
বিশ্বনাথত কুখ্যাত চোৰাং চিকাৰী আটক

By

Published : Jul 31, 2020, 12:35 PM IST

বিশ্বনাথ, 31 জুলাই : বিশ্বনাথ অপৰাধ অনুসন্ধান বন সংমণ্ডল আৰু বিহালী আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালী কৈৱৰ্ত গাঁৱৰ পৰা এটা চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।

বন বিভাগৰ সূত্ৰই জনোৱা মতে, আটকধীন চোৰাং চিকাৰীটোৰ নেতৃত্বত 2019 চনৰ 8 নৱেম্বৰত এটা 7 জনীয়া চোৰাং চিকাৰীৰ দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা পৰিকল্পনা কৰাৰ পাচতে সেই তথ্য লাভ কৰি বন বিভাগে দলটোৰ 4 টাকৈ চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল । চোৰাং চিকাৰীটোক সংগ দিছিল তেওঁৰ শহুৰেক বাদল দাসে ।

বিশ্বনাথত কুখ্যাত চোৰাং চিকাৰী আটক

ইয়াৰ পাচতে চোৰাং চিকাৰীটোৱে শহুৰেক বাদল দাসৰ নেতৃত্বত 2019 চনৰ 26 নৱেম্বৰত গঁড় হত্যাৰ দ্বিতীয়টো পৰিকল্পনা প্ৰস্তুত কৰিছিল যদিও সেই বিষয়ত বন বিভাগ অৱগত হৈছিল ৷ চোৰাং চিকাৰীৰ পৰিকল্পনা বিফল কৰি অন্য দুটা চোৰাং চিকাৰীক আটক কৰে বন বিভাগে ৷

চোৰাং চিকাৰী দুজনক সোধ-পোচ কৰি 7 নম্বৰ কুখ্যাত চোৰাং চিকাৰী তথা অস্ত্ৰ-শস্ত্ৰ সৰবৰাহকাৰীৰ মূল নায়ক জুণ্টি দাসক আটক কৰে বন বিভাগ তথা আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে চোৰাং চিকাৰীটোক সোধ-পোচ অব্যাহত ৰখাৰ লগতে অচিৰেই কেইবাটাও চোৰাং চিকাৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি বন বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : জনজাতিকৰণৰ দাবীত আন্দোলনৰ হুংকাৰ কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ

ABOUT THE AUTHOR

...view details