চতিয়া,9 জুন:চতিয়াৰবিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামে ইতিমধ্যে চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যজুৰি ৷ এই পাম পৰিদৰ্শনৰ উদ্দেশ্যে সোমবাৰে চতিয়াত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে ৷ মন্ত্ৰীগৰাকীয়ে বিভাগীয় কেইবাগৰাকীও বিষয়াক লগত লৈ পামখনত উপস্থিত হৈ পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ৷
কন্যকা কৃষি পাম পৰিদৰ্শন গ্ৰামোন্নয়ন মন্ত্ৰীৰ - চতিয়া
বিশ্বনাথ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত কন্যকা বহুমুখী কৃষি পাম পৰিদৰ্শন অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ ৷ পামখন পৰিদৰ্শন কৰাৰ উদ্দেশ্যে সোমবাৰে জামুগুৰিহাটত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷ পৰিদৰ্শনৰ পিছত স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ প্ৰশংসাত পঞ্চমুখ হয় মন্ত্ৰী দলে ৷
![কন্যকা কৃষি পাম পৰিদৰ্শন গ্ৰামোন্নয়ন মন্ত্ৰীৰ PNRD Minister visited kanyaka farm sootea biswanath assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7539444-thumbnail-3x2-a.jpg)
কন্যকা কৃষি পাম পৰিদৰ্শন
কন্যকা কৃষি পাম পৰিদৰ্শন
পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীৰ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত পামখন পৰিদৰ্শনৰ বহুদিনীয়া আশা পূৰ্ণ হোৱাৰ কথা ব্যক্ত কৰাৰ লগতে পৰৱৰ্তী সময়ত পামখনৰ জৰিয়তে বহু নিবনুৱা যুৱক-যুৱতীয়ে প্ৰেৰণা পোৱাৰ লগতে যথেষ্ট উপকৃত হ’ব বুলি প্ৰকাশ কৰে ৷ লগতে পামখনক পূৰ্ণাংগ ৰূপ দিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰা বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে ৷
লগতে চাওকঃমহানগৰীত কোভিড-19ত আক্ৰান্ত চিকিৎসক