অসম

assam

ETV Bharat / state

গহপুৰত মন্ত্ৰী পীযুষৰ পৰ্যালোচনা বৈঠক: ভঙা মথাউৰি মেৰামতিৰ নিৰ্দেশ জিলা প্ৰশাসনক - Terrible form of floods in Gohpur

বান-গৰাখহনীয়াই সমগ্ৰ ৰাজ্যত সৃষ্টি কৰিছে বিভীষিকা(Floods have created horror across Assam) । গহপুৰতো বান-গৰাখহনীয়াই সৃষ্টি কৰিছে হাহাকাৰময় পৰিস্থিতিৰ(Terrible form of floods in Gohpur) । শনিবাৰে বান-গৰাখহনীয়াৰ বুজ লবলৈ গহপুৰত উপস্থিত হয় বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা । মন্ত্ৰীগৰাকী উপস্থিত হৈ জিলা প্ৰশাসনৰ সৈতে মিলিত হয় এক বৈঠকত ।

piyush hazarika attend review meeting at gohpur
গহপুৰত মন্ত্ৰী পীযুষৰ পৰ্যালোচনা বৈঠক: ভঙা মথাউৰি মেৰামতি কৰাৰ নিৰ্দেশ জিলা প্ৰশাসনক

By

Published : May 21, 2022, 10:09 PM IST

গহপুৰ,২০ মে': ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি(Unchanged flood situation in Assam) । গহপুৰতো চত্ৰঙকে ধৰি বাকী নৈসমূহে লৈছে ভয়াবহ ৰূপ(Terrible form of floods in Gohpur) । উটুৱাই নিছে দলং, ভাঙিছে মথাউৰি । শনিবাৰে গহপুৰৰ বান-খহনীয়াৰ বুজ লবলৈ গহপুৰত উপস্থিত হয়গৈ ৰাজ্যৰ জলসম্পদ তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ।

পৰ্যালোচনা বৈঠকখনত ক্ষতিগ্ৰস্ত পৰিয়ালক সা-সুবিধা প্ৰদান কৰা লগতে ভঙা মথাউৰি মেৰামতি কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে

গহপুৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই জিলা প্ৰশাসনৰ সৈতে মিলিত হয় এক বৈঠকত । বিশ্বনাথৰ জিলাৰ গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত হোৱা বৈঠকখনত জিলাখনৰ বান আৰু খহনীয়া পৰিস্থিতিৰ লগতে গহপুৰ সমষ্টিৰ বানৰ ক্ষয়ক্ষতিৰ সন্দৰ্ভত আলোচনা কৰা হয় । পৰ্যালোচনা বৈঠকখনত ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত সা-সুবিধা প্ৰদান কৰাৰ লগতে ভঙা মথাউৰিসমূহ মেৰামতি কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

শনিবাৰে বান-গৰাখহনীয়াৰ বুজ লবলৈ গহপুৰত উপস্থিত হয় বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা

পৰ্যালোচনা বৈঠকখনত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু বিশ্বনাথ সমষ্টি বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত, গহপুৰৰ মহকুমাধিপতিৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে । ইফালে গহপুৰত বানে ক্ষতিসাধন কৰা পৰিয়াল সমূহক খাদ্য, খোৱা পানীকে ধৰি প্ৰয়োজনীয় সাহায্য আৰু ভঙা মথাউৰিৰ মেৰামতি আদি ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক:বান-গৰাখহনীয়াৰ খবৰ লবলৈ গহপুৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details