বিশ্বনাথ, ৩০ অক্টোবৰ : ১ নৱেম্বৰৰ পৰা ধুবুৰীত আৰম্ভ হ'বলগীয়া কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika reaction on Bharat Jodo Yatra) । পীযুষ হাজৰিকাৰ মন্তব্য, অসমত ভাৰত জোড়ো যাত্ৰাৰ কোনো কাম নাই ৷ এইটো ভাৰত জোড়ো নহয়, ফ্লপ জোড়ো হ'ব । অসম ভাগ ভাগ হৈ থকা নাই ৷ কংগ্ৰেছৰ মতেহে অসমখন ভাগ ভাগ হৈ আছে ৷ কাৰণ অসমীয়া মানুহ কংগ্ৰেছ দলৰ লগত নাই ৷
য'ত সন্দেহজনক মানুহ আৰু সন্দেহজনক ভোটাৰ আছে তাতহে কংগ্ৰেছে ভাৰত জোড়ো কাৰ্যসূচী কৰিব পাৰিব ৷ ধুবুৰীৰ পৰা সেই কাৰণেই আৰম্ভ কৰিব । কাৰণ বিশ্বনাথ, লখিমপুৰ, ডিব্ৰুগড়ত কৰিব নোৱাৰে ৷ ভুমিহীন লোকক ভূমিৰ পট্টা আৰু মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব নোৱাৰা মহিলাসকলক চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীয়ে লগতে দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে ৷
উল্লেখ্য, সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে অহা ১ নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব কংগ্ৰেছৰ ভাৰত জোড়ো অসম যাত্ৰা (Bharat Jodo Yatra in Assam) । মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰী কৰে (APCC President Bhupen Bora) ।