বিশ্বনাথ, ৩১ অক্টোবৰ:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাইক্ৰ’ফাইনেঞ্চৰ হিতাধিকাৰী মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল । 'অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি' (AMFIRS) অধীনত মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লোৱা হিতাধিকাৰীসকলক সকাহ দিয়াৰ উদ্দেশ্য ৰাজ্য চৰকাৰে 38 টা মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিষ্ঠান আৰু বেংকৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল ৷
1.25 লাখ ঋণ লোৱা হিতাধিকাৰীসকল এই লাভালাভ আৰু উদগনিৰ বাবে যোগ্য ৷ ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত মুকলি কৰাৰ বাবে 2000 কোটি টকা অনুমোদন জনাইছিল ৷ ইয়াৰ পাছতে ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিগৰাকী হিতাধিকাৰীক 25,000 টকাৰ উদগনি দিয়াৰ বাবে লৈছিল সিদ্ধান্ত (Cheques Distribution in Assam) ৷ উল্লেখ্য যে, মহিলাসকলক সহায়ৰ বাবে চৰকাৰে বিভিন্ন জিলাত অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ (Assam Micro Finance Incentive and Relief Scheme) অধীনত ইতিমধ্যে চেক বিতৰণ কৰিছে ।
বিশ্বনাথত মাইক্ৰ’ফাইনেঞ্চ আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকা ঋণ ৰেহাই প্ৰক্ৰিয়াৰ প্ৰথমটো পৰ্যায় সফলভাৱে সামৰণি পৰাৰ পিছত এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে সমগ্ৰ অসমতে চৰকাৰে আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ ঋণ ৰেহাই প্ৰক্ৰিয়া । অন্যান্য জিলাৰ লগতে দেওবাৰে বিশ্বনাথ জিলাতো দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীক সাহায্যৰ চেক বিতৰণ কৰে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika distributed cheques) । অসম চৰকাৰৰ বিত্ত বিভাগ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে বিয়লি অনুষ্ঠিত হয় চেক বিতৰণী অনুষ্ঠান ৷
এই অনুষ্ঠানত ১১ গৰাকী হিতাধিকাৰীক সাহায্যৰ প্ৰতীকী চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ উপৰিও এই অনুষ্ঠানতে সৰ্বমুঠ ১০০০ গৰাকী হিতাধিকাৰীলৈ এই উদগনিৰ চেক প্ৰদান কৰা হয় । উল্লেখ্য যে জিলাখনৰ পৰা দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ যোগ্যতা অৰ্জন কৰা মুঠ ৩০৯৯ গৰাকীৰ বাবে সৰ্বমুঠ ৫,০৮,৮৭, ৫৫১ টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে ।
উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰী হৈছে সেইসকল, যিয়ে ঋণ পৰিশোধ কৰাত সৰ্বাধিক ৮৯ দিন বিলম্ব কৰিছে অর্থাৎ যিসকলৰ একাউণ্টৰ সময়সীমা উকলি গৈছে কিন্তু অকাৰ্যকৰী নহয় । তেনে বিলম্বিত ধনৰাশি ৰাজ্য চৰকাৰে ঋণদাতাসকলক পোনপটীয়াকৈ প্ৰদান কৰিব । হিতাধিকাৰীসকলক সময়মতে কিস্তিত ধন পৰিশোধ কৰিবলৈও উৎসাহিত কৰা হ'ব যাতে তেওঁলোকৰ একাউন্টসমূহ মানক হৈ থাকে ৷
এই অনুষ্ঠানতে বিশ্বনাথ জিলাৰ দিৰিং পথাৰৰ অন্তৰ্গত ছাহ জনগোষ্ঠীৰ ভূমিহীন মুঠ ১১৭ টা পৰিয়ালকো ভূমি পট্টা আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । আজিৰ অনুষ্ঠানত সাংসদ পল্লৱ লোচন দাস, বিধায়ক ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশিষ্ট সমাজকৰ্মী পংকজ বৰা, আৰক্ষী অধীক্ষক নবীন সিং, বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰ, সহকাৰী আয়ুক্তদ্বয় অনন্যা লহকৰ, কংকনা শইকীয়া, বিশ্বনাথ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে মাইক্ৰ'ফাইনেঞ্চৰ হিতাধিকাৰীসকল উপস্থিত আছিল ।
লগতে পঢ়ক:Micro Finance Relief Scheme: নগাঁৱত মাইক্ৰ’ফাইনেঞ্চ আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ