বিশ্বনাথ, 18 আগষ্ট :বিশ্বনাথ চাৰিআলিৰ "ফুডহাব" নামৰ ৰেষ্টুৰেণ্ট খনৰ স্বতাধিকাৰী দুৰ্গা দেৱীয়ে সংবাদকৰ্মীক আক্ৰমণ কৰা ঘটনাকলৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ঘটনা অনুসৰি বিশ্বনাথ চাৰিআলিৰ "ফুড হাব" নামৰ ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰী দূৰ্গা দেৱী উপাধ্যায় নামৰ মহিলা গৰাকীয়ে নিজৰ ঘৰুৱা কাম কৰা এজনী কণমানি শিশু শ্ৰমিকৰ ওপৰত শাৰিৰিক মানসিক অত্যাচাৰ চলাই আহিছিল ৷ ঘটনা সন্দৰ্ভত কনমানিজনীৰ পিতৃয়ে নিৰ্যাতন চলোৱা দূৰ্গা দেৱী উপাধ্যায়ৰ বিৰুদ্ধে আৰক্ষী থানাত ৰুজু কৰিছিল এক গোচৰ ।
বিশ্বনাথত লেডী ডনৰ আক্ৰমণত আহত সাংবাদিক - বিশ্বনাথত লেডী ডনৰ সন্ত্ৰাস news
নিজকে সমাজকৰ্মী বুলি পৰিচয় দিয়া বিশ্বনাথ চাৰিআলিৰ "ফুডহাব" ৰেষ্টুৰেণ্টৰ স্বতাধিকাৰী দুৰ্গা দেৱীয়ে আক্ৰমণ কৰিলে সংবাদকৰ্মীক ৷ শিশু শ্ৰমিকক অত্যাচাৰ চলোৱা বাতৰি সংগ্ৰহ কৰিবলৈ যাঁওতেই সাংবাদিকক আক্ৰমণ কৰিলে দুৰ্গা দেৱীয়ে ৷
![বিশ্বনাথত লেডী ডনৰ আক্ৰমণত আহত সাংবাদিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4171680-thumbnail-3x2-lady-don.jpg)
এই ঘটনা সন্দৰ্ভত বিশ্বনাথৰ স্থানীয় সংবাদকৰ্মী গোপাল খন্দালে ফেচবুকত এটা প'ষ্ট দিয়াত সংবাদকৰ্মীজনক আক্ৰমণ কৰে দুৰ্গা দেৱীয়ে ৷ গোপাল খন্দাল সম্প্ৰতি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৷ ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে দুৰ্গাদেৱীক ৷ বৰ্তমান লেডী ড'ন হিচাপে খ্যাতি পোৱা দুৰ্গা দেৱীৰ এই কাৰ্যই বিশ্বনাথ চাৰিআলিত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
ইফালে ঘটনা সন্দৰ্ভত বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থা সভাপতি দিলিপ গজুৰেলে তেঁওৰ ওপৰত থকা গোচৰটো মিলামিছা কৰি দিয়াৰ নামত ১লাখ 60 হাজাৰ টকা বিচৰা বুলি অভিযোগ উত্থাপণ কৰে দুৰ্গাদেৱীয়ে । কিন্তু এই কথা অস্বীকাৰ কৰি সভাপতিগৰাকীয়ে কয় যে, মহিলা গৰাকীয়ে দিয়া অভিযোগ সম্পূৰ্ণ মিছা ৷
TAGGED:
বিশ্বনাথত লেডী ডনৰ সন্ত্ৰাস