বিশ্বনাথ, 28 মে’:গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক অনন্য ৰূপ দিবলৈ গৈ বিশ্বনাথৰ এজন ভাৱৰীয়াই সৰীসৃপৰ ওপৰত চলালে অত্যাচাৰ ৷ শিৱৰ চৰিত্ৰ ৰূপায়ন কৰা লোকজনে ডিঙিত এডাল জীৱন্ত সাপ বলপূৰ্বকভাৱে মেৰিয়াই দৰ্শকক আমোদ দিয়াৰ চেষ্টা চলালে ৷ সাপডালক মুক্ত বিচৰণত বাধা দি বহুসময় ধৰি মেৰিয়াই ৰখা হ’ল ভাৱৰীয়াৰ ডিঙিত (Live snake on actors neck)৷
বিশ্বনাথৰ দক্ষিণ ভিৰগাঁৱৰ নামঘৰত দেখা গ’ল এই দৃশ্য ৷ শুকুৰবাৰে নিশা নামঘৰটোত প্ৰদৰ্শন কৰা ভাওনাত অজয় দাস (বাবু) নামৰ লোকজনে সৰীসৃপৰ ওপৰত চলালে এইদৰে অত্যাচাৰ (Wildlife abusing in Biswanath)৷ শিহৰণকাৰী দৃশ্যটোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷