বিশ্বনাথ,14 ছেপ্তেম্বৰ:ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰত উন্নয়ন সাধিবলৈ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদায়ে চেষ্টা অব্যাহত ৰাখিছে ৷ তাৰ বাবে বিভিন্ন ব্যৱস্থাৰ লগতে অত্যাধুনিক পৰ্যায়ৰ সা-সুবিধাৰ সংযোজন ঘটাই আহিছে চিকিৎসা ক্ষেত্ৰত ৷ শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমযোগে বিশ্বনাথ জিলাত এখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰাৰ বিষয়ে ঘোষণা কৰিছিল ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ এই ঘোষণাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বিশ্বনাথবাসীৰ লগতে স্থানীয় দল-সংগঠনসমূহ ৷ এই সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিশ্বনাথৰ গোৰ্খা সন্মিলনৰ সভাপতি জয় কুমাৰ চতায়ে ৷ লগতে বিশ্বনাথবাসীৰ হৈ স্বাস্থ্য মন্ত্ৰী শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে সংগঠনটোৰ সভাপতিগৰাকীয়ে ৷
স্বাস্থ্য মন্ত্ৰীৰ ঘোষণাত উৎফুল্লিত বিশ্বনাথবাসী - চিকিৎসা মহাবিদ্যালয় হাস্পতাল
কিছুদিনপূৰ্বে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথত এখন অত্যাধুনিক সা-সুবিধাযুক্ত চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপনৰ কথা ঘোষণা কৰিছিল ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ঘোষণাত এতিয়া উৎফুল্লিত বিশ্বনাথবাসী ৷

উৎফুল্লিত বিশ্বনাথবাসী