অসম

assam

ETV Bharat / state

বিশ্বনাথ চাৰিআলিত দুৰ্ঘটনাগ্ৰস্ত বাহনত লুটপাত - পশু খাদ্য

বিশ্বনাথ চাৰিআলি পৰা জামুগুৰীলৈ ব্ৰয়লাৰৰ খাদ্য আৰু পশু খাদ্য কঢ়িয়াই নি থকা সময়তে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বাগৰি পৰে বাহন খন ৷

people-robbed-in-a-crased-vehicle-at-bishwanath
বিশ্বনাথ চাৰিআলিত দুৰ্ঘটনাগ্ৰস্ত বাহনত লুটপাত

By

Published : Apr 20, 2020, 9:13 PM IST

বিশ্বনাথ,20 এপ্ৰিল:বিশ্বনাথ চাৰিআলিৰ সাকোমঠাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে এখন ব্ৰয়লাৰৰ খাদ্য আৰু পশু খাদ্য কঢ়িয়াই নি থকা এখন মিনি ট্ৰাক ৷ বিশ্বনাথ চাৰিআলি পৰা জামুগুৰীলৈ 31 বেগ ব্ৰয়লাৰৰ খাদ্য আৰু পশু খাদ্য কঢ়িয়াই নি থকা সময়তে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বাগৰি পৰে বাহন খন ৷ ইয়াৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত বাহন খনত থকা সামগ্ৰী সমুহৰ লুটপাতৰ চেষ্টা চলাই একাংশ লেকে ৷ কোনোবাই যদি কান্ধত,কোনোবাই চাইকেলত,কোনোৱে আকৌ বিলাসী গাড়ীত ভৰাই লুটপাতৰ চেষ্টা চলাই দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা সামগ্ৰী সমুহ ৷

বিশ্বনাথ চাৰিআলিত দুৰ্ঘটনাগ্ৰস্ত বাহনত লুটপাত

উল্লেখ্য যে দেশত অব্যাহত থকা লক ডাউনৰ বাবে যিসময়ত একাংশ লোকে বহু দৰিদ্ৰ লোকক খাদ্য সামগ্ৰীৰ লগতে আন আন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে সেই সময়তে এখন দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা একাংশ লোকে এইদৰে লুটপাত চলোৱা দৃশ্যই হতাশ কৰিছে সচেতন ৰাইজক ৷ ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগেই উক্ত স্থানৰ পৰা পলায়ন কৰে লক ডাউন ভংগ কৰি ঘৰৰ পৰা ওলাই অহা লোকসকলে ৷

বিশ্বনাথ চাৰিআলিত দুৰ্ঘটনাগ্ৰস্ত বাহনত লুটপাত

ইয়াৰে একাংশই আকৌ আৰক্ষীক দেখি ঘৰলৈ নি থকা পশুখাদ্যৰ পেকেট বাটতে পেলাই পলায়ন কৰে ঘটনাস্থলীৰ পৰা ৷ উল্লেখ্য যে গাড়ীত উঠাই ঘৰলৈ নিবলৈ চেষ্টা চলোৱা এজন ব্যক্তিৰ গাড়ীৰ দৰ্জা খুলি আৰক্ষীয়ে উলিয়াই আনে কেইবাটাও পশুখাদ্যৰ বস্তা ৷

লগতে পঢ়কঃ প্ৰাক্তন এনডিএফবি নেতাৰ মৃত্যু,বড়ো ভূমিত শোকৰ ছাঁ

ABOUT THE AUTHOR

...view details