বিশ্বনাথ, ২১ এপ্ৰিল: বিশ্বনাথ চাৰিআলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ জৰাজীৰ্ণ অৱস্থাই সম্প্ৰতি জীয়াতু ভোগাইছে অঞ্চলবাসী ৰাইজক ৷ বিশ্বনাথ চাৰিআলিৰ পৰা বিহালী বেদেতী গহপুৰলৈ যোৱা এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোত গড়কাপ্তানী বিভাগৰ অৱহেলাৰ কৃপাত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ । যাৰ ফলত সাধাৰণ ৰাইজে দুৰ্ভোগ ভোগাৰ লগতে পথ দুৰ্ঘটনাৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । এনে দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুতো লোকে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰাৱস্থাৰ পিচতো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গড়কাপ্তানী বিভাগে ।
ৰাষ্ট্ৰীয় ঘাইপথ নে গৰু বাট ? 15নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুৱাইছে বিশ্বনাথবাসীক - 15নং ৰাষ্ট্ৰীয় ঘাইপথ
বিশ্বনাথ চাৰিআলিৰ ঘাইপথটোৰ জৰাজীৰ্ণ অৱস্থাই সম্প্ৰতি জীয়াতু ভোগাইছে অঞ্চলবাসী ৰাইজক ৷
15নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুৱাইছে বিশ্বনাথবাসীক
এই ক্ষেত্ৰত বিহালীৰ বিভিন্ন দল সংগঠনে বাৰম্বাৰ গড়কাপ্তানী বিভাগক পথ চোৱা নিৰ্মাণৰ কথা অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ চৰকাৰৰ এই বিয়াগোম বিভাগটোৱে পথটোৰ উন্নয়নৰ বাবে কিবা পন্থা অৱলম্বন কৰিব নে হাৰাশাস্তি খাই অধিক জন-ধনৰ ক্ষতি হোৱালৈ বাট চাব সেইয়াহে লক্ষণীয় হ'ব ।