অসম

assam

ETV Bharat / state

বিশ্বনাথৰ বৰগাং বাছ আস্থানৰ পুতৌ লগা অৱস্থা - বৰগাং ৰ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ আস্থানৰ চৰম দুৰৱস্থা

বিশ্বনাথৰ বৰগাঙৰ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ আস্থানৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি নাই কোনো কৰ্মচাৰী ৷ ফলত ভূত বাংলালৈ পৰিণত হৈছে কাৰ্যালয়টো ৷

বিশ্বনাথৰ বৰগাং বাছ আস্থানৰ পুতৌ লগা অৱস্থা
বিশ্বনাথৰ বৰগাং বাছ আস্থানৰ পুতৌ লগা অৱস্থা

By

Published : Sep 12, 2020, 7:37 PM IST

বিশ্বনাথ, 12 ছেপ্টেম্বৰ : ৰাজ্য পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা ৷ বিশ্বনাথৰ বৰগাঙৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ চৰম দুৰৱস্থা ৷ দীৰ্ঘদিন ধৰি এই বাছ আস্থানত নাই কোনো কৰ্মচাৰী । আনকি কৰ্মচাৰী গৃহতো নাই এজনো লোক তথা পৰিয়াল ৷ ফলত চাৰিওফালে হাবি জংঘলেৰে আৱৰি ধৰিছে ঠাইডোখৰ ।

ভূত বাংলালৈ পৰিণত বিশ্বনাথৰ বৰগাং বাছ আস্থানৰ কাৰ্যালয়

উল্লেখ্য যে,ইয়াৰ পূৰ্বেও ইটিভি ভাৰত অসমত এই বাছ আস্থানৰ দুৰৱস্থা খবৰ প্ৰকাশ কৰাৰ পাচতেই অসম ৰাজ্যিক পৰিবহন নিগমৰ তৰফৰ পৰা এই কাৰ্যালয়টো চোৱা-চিতা কৰিবলৈ এজন কৰ্মচাৰী নিয়োগ কৰিছিল যদিও লক্ ডাউনৰ আৰম্ভণি পৰাই সেইগৰাকী কৰ্মচাৰীকো এই কাৰ্যালয় পৰা বিশ্বনাথ চাৰিআলিলৈ বিভাগে স্থানান্তৰ কৰা বুলি জানিব পৰা গৈছে ৷

ফলত এতিয়া ভূত বাংলালৈ পৰিণত হৈছে এই কাৰ্যালয়টো। মন কৰিবলগীয়া কথা এই যে,গৃহটি দিনক দিনে জহি খহি যোৱাত কাৰ্যালয়টোৰ ভিতৰত থকা বিভিন্ন নথিপত্ৰ সমূহো নষ্ট হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

এতিয়া প্ৰশ্ন হৈছে কেতিয়া বৃহৎ বৰগাঙৰ ৰাইজৰ সুবিধা হোৱাকৈ এই বাছ আস্থানখন পুনৰ মেৰামতি কৰি কৰ্মচাৰী নিয়োগ কৰিব পৰিবহন নিগমে সেইয়া হে পৰৱৰ্তী সময়ত হে লক্ষ্যণীয় হ’ব ৷

লগতে চাওক-বাক্সাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত

ABOUT THE AUTHOR

...view details