অসম

assam

উখল মাখল পৰিৱেশেৰে আৰম্ভ পাপুম পমা ৰিভাৰ ফেষ্টিভেল

By

Published : Jan 24, 2020, 9:06 AM IST

বিশ্বনাথৰ ৰামঘাটত পাপুম পমা ৰিভাৰ ফেষ্টিভেলৰ শুভাৰম্ভণি ৷ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই ৰিভাৰ ফেষ্টিভেলৰ ৷ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত উপস্থিত থাকে ৷

Papum pama River Festival starts in Biswanath
উখল মাখল পৰিৱেশেৰে আৰম্ভ পাপুম পমা ৰিভাৰ ফেষ্টিভেল

বিশ্বনাথ, 24 ডিচেম্বৰঃ অসম-অৰুণাচল সীমান্তৰ ৰামঘাটত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ যোৱাবেলিৰ দৰে এইবাৰো বিশ্বনাথৰ ৰামঘাটত পাপুম পমা ৰিভাৰ ফেষ্টিভেলৰ শুভাৰম্ভণি কৰা হয় ৷ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই ৰিভাৰ ফেষ্টিভেলৰ ৷ অহা 25 জানুৱাৰীত সামৰণি পৰিব এই পাপুম পমা ৰিভাৰ ফেষ্টিভেলৰ ৷ উল্লেখ্য যে, বুৰৈ নদীখন অৰুণাচল প্ৰদেশৰ ৰামঘাটৰ পাহাৰৰ পৰা বৈ অসমলৈ আহিছে আৰু সেই নদীখনৰ নামতে অৰুণাচলৰ পাপুম পাৰাৰ যুৱক-যুৱতীসকলৰ উদ্যোগত আৰু অসমৰ সীমান্ত থকা অসমীয়া ৰাইজৰ সহযোগত পাপুম পমা ৰিভাৰ ফেষ্টিভেল নামেৰে এই অনুষ্ঠানটিৰ আয়োজন কৰি আহিছে ৷

উখল মাখল পৰিৱেশেৰে আৰম্ভ পাপুম পমা ৰিভাৰ ফেষ্টিভেল

এই ৰিভাৰ ফেষ্টিভেলত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে অসমৰ বাপতিসাহোন বিহুটিক মঞ্চত উপস্থাপন কৰা হয় । বিশেষকৈ ৰামঘাট পৰ্যটনস্থলীটোক আৰু অধিক পৰ্যটকসকলৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে উল্লেখ কৰে । আনহাতে এই উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত উপস্থিত থাকে ৷

আৰু পঢ়কঃহালধীয়াৰ সমাহাৰে মুগ্ধ কৰা এখন বিশেষ পথাৰ

ABOUT THE AUTHOR

...view details