অসম

assam

ETV Bharat / state

কংগ্ৰেছ দলৰ নেতাও নাই আৰু নীতিও নাই ! কোনে ক'ত কিয় কলে! - PALLAB LOVHAN DAS

চতিয়াত মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সভাত বিৰোধী দল কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কুসুমটোলাত নিৰ্বাচনী প্ৰচাৰত আজি মূখ্যমন্ত্ৰী সোনোৱাল

By

Published : Apr 2, 2019, 11:00 PM IST

চতিয়া, 2 এপ্ৰিল: তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চতিয়াত মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ জামুগুৰিহাটৰ কুসুমটোলাত দিনৰ 1 বজাৰ পৰা আৰম্ভ হোৱা এই সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিৰোধী দল কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰাৰ লগতে বিজেপি দলৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ বিজয় সুনিশ্চিত বুলিও দাবী উত্থাপন কৰে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশপ্ৰেম আৰু অসম আৰু অসমীয়া প্ৰতি থকা দায়ৱদ্ধতাৰকথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কুসুমটোলাত নিৰ্বাচনী প্ৰচাৰত আজি মূখ্যমন্ত্ৰী সোনোৱাল
অসমৰ গামোছা ডিঙিত লৈ আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমক চিনাকী কৰি দিয়াৰ বাবে শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছ দলৰ নেতাও নাই আৰু নীতিও নাই বুলি উল্লেখ কৰি ৰাজ্যখনক ধব্বংসৰ গৰাহলৈ ঠেলি দিয়া দলটোক ৰাইজে প্ৰত্যাখান কৰিব বুলিও ভাষণ প্ৰসঙ্গত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচনী সভাখনত বিজেপিৰ অসম প্ৰভাৰী মহেন্দ্ৰ সিং,বিজেপি দলৰ প্ৰাৰ্থী পল্লৱলোচন দাস,চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details