অসম

assam

By

Published : Jul 9, 2021, 8:07 PM IST

ETV Bharat / state

বিশ্বনাথত যুৱকে দিলে পাকিস্তান জিন্দাবাদ ধ্বনি !

আইন নমনা এজন যুৱকৰ উদ্ভণ্ডালি। বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইন্টত আৰক্ষীৰ সৈতে বাক যুদ্ধত মিলিত হয় এজন যুৱক ৷ বিশ্বনাথ আৰক্ষীয়ে কভিড বিধি উলংঘা কৰি চহৰৰ মাজত ঘুৰি ফুৰা লোক সকলক সোধা পোছা কৰি থাকোতেই মাস্ক পৰিধান নকৰা এই যুৱকজন আহি সেই স্থানত উপস্থিত হয় ।

arrested police young man
ক’ভিডৰ নীতি-নিদেৰ্শনা উলংঘা কৰি যুৱকৰ মুখত পাকিস্তান জিন্দাবাদ ধ্বনি

বিশ্বনাথ, ৯ জুলাই: বিশ্বনাথত আইন নমনা এজন যুৱকৰ উদ্ভণ্ডালি । বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইন্টত আৰক্ষীৰ (POLICE) সৈতে বাক যুদ্ধত লিপ্ত হয় বিশ্বনাথৰে দেৱজিৎ দাস নামৰ যুৱকজন । বিশ্বনাথৰ (BISWANATH) যান-বাহন আৰক্ষীয়ে ক’ভিড বিধি উলংঘা কৰি চহৰৰ মাজত ঘুৰি ফুৰা লোক সকলক সোধা পোছা কৰি থাকোতেই মাস্ক পৰিধান নকৰা এই যুৱকজন আহি সেই স্থানত উপস্থিত হয় । আৰক্ষীৰ দলটোৱে যুৱকজনে মুখত মাস্ক কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰাত যুৱক জন আৰক্ষীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ মই ক’ৰণা নামানো বুলি কয় ।

ইফালে পুনৰ আৰক্ষীৰ দলটোৱে দেৱজিৎ নামৰ যুৱক জনৰ মটৰ চাইকেলৰ নথি পত্ৰ বিচৰাৰ লগতে হেলমেট নিপিন্ধাৰ সন্দৰ্ভত প্ৰশ্ন কৰে ৷ কিন্তু আৰক্ষীৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হৈ হঠাৎ যুৱকজনে পাকিস্তান জিন্দাবাদ (Pakistan Zindabad), নৰেন্দ্ৰ মোডী মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উত্থাপন কৰে কৰ্তব্যৰত আৰক্ষী দলটোৱে । লগতে যুৱকজনে ওলোটাই ট্ৰেফিক আৰক্ষীক প্ৰত্যাহ্বান জনাই কয় যে, SP ক জনাম, DC ক জনাম i don't care ৷

ক’ভিডৰ নীতি-নিদেৰ্শনা উলংঘা কৰি যুৱকৰ মুখত পাকিস্তান জিন্দাবাদ ধ্বনি

আনহাতে, পাকিস্তান জিন্দাবাদ দি ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ কৰা দেৱজিৎক আৰক্ষীয়ে গাড়ীত বহিবলৈ কয় যদিও আৰক্ষীৰ গাড়ীত নবহো বুলি কৈ ওলোটাই আৰক্ষীক গালি গালাজ কৰে যুৱকজনে ৷ পিছত আৰক্ষীয়ে ঠেলি হেচি গাড়ীত উঠাই থানালৈ লৈ যায় যুৱকজনক ৷

ইফালে এই দেবজিৎ নামৰ যুৱক জনৰ পৰিয়ালে তেওঁ বহু দিনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকাৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে বুলি জানিবলৈ দিয়ে মাতৃয়ে ৷ ইতিমধ্যে কৰ্কট ৰোগত আক্ৰান্ত যুৱকজন বিশ্বনাথ আৰক্ষী থানাৰ জিম্মাতে আছে । পৰৱৰ্তী সময়তহে আৰক্ষীয়ে যুৱকজনে সংঘটিত কৰা এই ঘটনা উদ্দেশ্য প্ৰণোদিত আছিল নে মানসিক ভাৰসাম্য হেৰুৱাৰ বাবেহে যুৱকজনে এনে আচৰণ কৰিলে সেয়া তদন্ত স্পষ্ট হ'ব । সঁচাকৈয়ে যুৱকজনে যদি এনে মন্তব্য কৰিছিল তাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব লৈ দিছে আৰক্ষীৰ এক বিশেষ সূত্ৰই ৷

লগতে পঢ়ক :চৰকাৰ নে মুখ্যমন্ত্ৰী; স্বৈৰাচাৰী কোন ?

ABOUT THE AUTHOR

...view details