অসম

assam

ETV Bharat / state

গুৱাহাটীৰ-বিশ্বনাথৰ মাজত যাতায়তৰ ক্ষেত্ৰত বিশ্বনাথ জিলা দণ্ডাধীশৰ নিষেধাজ্ঞা

কামৰূপ মহানগৰ জিলাত ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱা আৰু জিলাখনত ঘোষণা কৰা সম্পূৰ্ণ লʼকডাউনৰ পৰিপ্ৰেক্ষিতত আৰু ইতিমধ্যে কামৰূপ মহানগৰ জিলালৈ আৰু জিলাখনৰ পৰা যাতায়তৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বিশ্বনাথ জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে জিলা দুখনৰ মাজত অহা-যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে ।

By

Published : Jul 7, 2020, 12:32 AM IST

order to ban on guwahati biswanath travel
গুৱাহাটীৰ-বিশ্বনাথৰ মাজত যাতায়তৰ ক্ষেত্ৰত বিশ্বনাথ জিলা দণ্ডাধীশৰ নিষেধাজ্ঞা

বিশ্বনাথ,৬ জুলাইঃকামৰূপ মহানগৰ জিলাত ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱা আৰু জিলাখনত ঘোষণা কৰা সম্পূৰ্ণ লʼকডাউনৰ পৰিপ্ৰেক্ষিতত আৰু ইতিমধ্যে কামৰূপ মহানগৰ জিলালৈ আৰু জিলাখনৰ পৰা যাতায়তৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বিশ্বনাথ জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে বিশ্বনাথ জিলাৰ পৰা কামৰূপ মহানগৰ জিলালৈ আৰু কামৰূপ মহানগৰ জিলাৰ পৰা বিশ্বনাথ জিলালৈ ৰাইজৰ অহা-যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি এক নিৰ্দেশনা জাৰি কৰিছে । বিশ্বনাথ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ৩৪ ধাৰাৰ অধীনত এই নিৰ্দেশনা জাৰি কৰিছে।

গুৱাহাটীৰ-বিশ্বনাথৰ মাজত যাতায়তৰ ক্ষেত্ৰত বিশ্বনাথ জিলা দণ্ডাধীশৰ নিষেধাজ্ঞা

বিশ্বনাথ জিলা‌বাসী ৰাইজক কোভিড-১৯ৰ সাম্ভাব্য সামাজিক সংক্ৰমণৰ পৰিস্থিতিৰ পৰা ৰক্ষা কৰা স্বাৰ্থতে জাৰি কৰা এই নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব।ইয়াৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগীয় মুৰব্বী বিষয়া সকলকো নিজৰ অধীনত কৰ্মৰত আন‌ বিষয়া কৰ্মচাৰী সকলেও যাতে এই নিৰ্দেশ‌ মানি চলে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈও জিলা উপায়ুক্ত গৰাকীয়ে সোমবাৰে নিৰ্দেশ জাৰি কৰিছে।

ABOUT THE AUTHOR

...view details