বিশ্বনাথ, 6 মে': লক্ ডাউনৰ সময়চোৱাত আন আন ক্ষেত্ৰসমূহৰ লগতে প্ৰভাৱিত হৈছে ক্ৰীড়া ক্ষেত্ৰখনো । কিন্তু ইয়াৰ মাজতে খেলুৱৈসকল যাতে সবল হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি, বিশ্বনাথৰ চেম্পিয়নচ্ মেকাৰ একাডেমীয়ে অনলাইন প্ৰশিক্ষণ অব্যাহত ৰাখিছে ।
এই অনলাইন প্ৰশিক্ষণৰ লগতে প্ৰতিষ্ঠানখনে আয়োজন কৰিছে অসম ভিত্তিত ফিটনেছ চেলেঞ্জ নামৰ এক প্ৰতিযোগিতাৰ । বিশেষকৈ অসমৰ টাইকোৱানডো খেলুৱৈসকল যাতে সবল হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি, অনলাইন প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ আয়োজন কৰিছে প্ৰতিষ্ঠানখনে । একাডেমী খনৰ ছাত্ৰ ছাত্ৰীয়ে দৈনিক নিজৰ প্ৰশিক্ষণ অব্যাহত ৰাখি ভিডিঅ' সমূহ প্ৰতিষ্ঠান কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি আছে ।