বিশ্বনাথ, ১ আগষ্ট:সমগ্ৰ ৰাজ্যতে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে । বানৰ পাছতেই বিশ্বনাথত জিলাতো এই ৰোগত ৫ জনকৈ লোক আক্ৰান্ত হৈছে । এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে বিশ্বনাথৰ চতিয়াত এজন লোকৰ মৃত্যু হৈছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দেওবাৰে অনুপ শইকীয়া নামৰ এজন লোকৰ মৃত্যু হয় । মৃত লোকজনৰ ঘৰ কছাৰী গাঁৱত ।
বিশ্বনাথ জিলাৰ আন চাৰিজন আক্ৰান্ত লোকৰ ঘৰ গহপুৰৰ আৰু বাঘমাৰীৰ । এই ৰোগী কেইজনে আৰোগ্য লাভ কৰাৰ বিপৰীতে তিনিজনকৈ লোক আক্ৰান্ত হৈছে । ইয়াৰ বিপৰীতে দুজনকৈ আক্ৰান্ত ৰোগীক তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, এই ৰোগ হ'লে জ্বৰ, ডিঙিৰ পাছফালে বিষ, অত্যন্ত মুৰৰ বিষ আৰু ভুল বকিবলৈ আৰম্ভ কৰে বুলি বিশ্বনাথৰ স্বাস্থ্য় বিষয়া এলিজা ডেকাই কয় ।
এই ৰোগবিধ বিশেষকৈ পথাৰত থকা চৰাইৰ দেহত আৰু গাহৰিৰ দেহত থাকে । সেই চৰাই আৰু গাহৰিক মহে কামোৰাৰ পিচত সেই মহে মানুহক কামুৰিলে এই ৰোগ হ'ব পাৰে বুলি উল্লেখ কৰি তেওঁ জ্বৰ, মূৰৰ বিষ হ'লে ততাতয়াকৈ চিকিৎসকৰ ওচৰলৈ অহাৰ লগতে ঘৰত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ।