অসম

assam

ETV Bharat / state

বিহালীত দিল্লীৰ পৰা অহা লোকৰ দেহত কৰ’ণা ভাইৰাছ - কমাৰপুখুৰী গাঁও

বিহালীত বৃদ্ধি পাইছে ক’ভিত-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কমাৰপুখুৰী গাঁৱত তিনিদিন পূৰ্বে দিল্লীৰ পৰা আহিছিল সাতগৰাকী লোক ৷ ইয়াৰে এগৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ অৱস্থিতি ৷

one-person-covid-possitive-in-delhi-who-is-come-from-delhi
one-person-covid-possitive-in-delhi-who-is-come-from-delhi

By

Published : May 3, 2021, 8:20 PM IST

বিহালী,3 মে': বিহালীত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিত ১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সোমবাৰে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিয়মীয়া পৰীক্ষা কৰাৰ সময়ত ৩ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-১৯ ৰ অৱস্থিতি ৷ ইয়াক কেন্দ্ৰ কৰি বিহাল‌ীত ৩৬ জনলৈ বৃদ্ধি পালে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

উল্লেখ্য যে, কমাৰপুখুৰী গাঁৱত তিনিদিন পূৰ্বে দিল্লীৰ পৰা আহিছিল সাতজনকৈ লোক ৷ ইয়াৰে এজন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ অৱস্থিতি ৷

বিহালীত দিল্লীৰ পৰা অহা লোকৰ দেহত কৰ’ণা ভাইৰাছ

অসমৰ বাহিৰৰ পৰা অহা লোকক এইক্ষেত্ৰত বিশেষ সাৱধান ল’ব লাগিব বুলি মন্তব্য কৰে মহকুমা স্বাস্থ্য বিষয়া ডা৹ জে চি বেই ৷ স্থানীয় গাওঁৰক্ষী বাহিনী, আশা কর্মী আৰু সচেতন লোকেও এইক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে বিষয়া গৰাকীয়ে ৷ অতি সোনকালেই কমাৰপুখুৰী গাঁৱত স্বাস্থ্য বিভাগৰ কৰ্মী গৈ ক’ভিড পৰীক্ষা কৰিব বুলিও চিকিৎসক গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :ক'ভিড-১৯: ভাৰতত নতুনকৈ ৩.৬৮ লাখ লোক আক্ৰান্ত

ABOUT THE AUTHOR

...view details