বিশ্বনাথ, 19 অক্টোবৰ: বন্দুকৰ গুলী সৰবৰাহৰ অভিযোগত বেলতলা কাণ্ডৰ নিৰ্যাতিতা তথা আদিবাসী আইকন লক্ষ্মী ওৰাঙৰ স্বামী ৰাহুল মুৰাৰী ওৰফে বলোৰাম মুৰাৰীক বুধবাৰে বিশ্বনাথ আৰক্ষীয়ে আটক কৰে । শেহতীয়াকৈ তিনিচুকীয়াৰ লিডু ৰে’ল ষ্টেচনত জব্দ কৰা অস্ত্ৰ সংক্ৰান্ততে সোধা পোছাৰ বাবে ৰাহুলক আটক কৰিছে আৰক্ষীয়ে ৷ বন্দুকৰ গুলী সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যুদ্ধ বিৰতি গোটৰ স্বয়ম্ভু নেতা ৰাহুল ওৰফে বলোৰামৰ বিৰুদ্ধে।
উল্লেখ্য যে, যোৱা 15 অক্টোবৰত তিনিচুকীয়া জিলাৰ জিআৰপিএফৰ এটা দলে লিডু ৰে’ল ষ্টেচনত উজনিমুৱা গুৱাহাটী-লিডু ইন্টাৰচিটি এক্সপ্ৰেছৰ পৰা 4 জাই সজীৱ গুলী, দুটা 7.65 এম এম লোডেড পিষ্টলসহ বোকাজানৰ অবিনাশ ধন (৩২) আৰু বিশ্বনাথ জিলাৰ বিহালীৰ কুঁহিয়াৰবাৰীৰ নৰেশ গড়ক গ্ৰেপ্তাৰ কৰিছিল । সেই গোচৰৰ ভিত্তিত পুনৰ নৰেশ গড়ৰ জিনজিয়াৰ কুঁহিয়াৰবাৰীৰ ঘৰত তালাচী চলোৱাত 8 জাই সজীৱ গুলী উদ্ধাৰ হৈছিল ।
এই গুলীকে ধৰি মাৰণাস্ত্ৰ যোগান ধৰাত ৰাহুল ওৰফে বলোৰাম জড়িত বুলি নৰেশ গড়ে আৰক্ষীক স্বীকাৰ কৰিছিল ৷ এই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই ৰাহুল মুৰাৰীক আটক কৰে। ইফালে বিশ্বনাথ জিলা আৰক্ষীয়ে তদন্ত চলাই বুধবাৰে ধূলি চাহ বাগিচাৰ এখন কল বাগানৰ শুকান কল গছৰ তলৰ পৰা মেগজিন, পিষ্টলসহ পাঁচ জাই সজীৱ গুলি উদ্ধাৰ কৰিছে।