বিশ্বনাথত ব্ৰজ পৰি এগৰাকীৰ মৃত্যু - ব্ৰজপাত
ব্ৰজপাত পৰি লক্ষী ওৰাঙ(45) নামৰ এগৰাকী মহিলা মৃত্যু ৷

বিশ্বনাথত ব্ৰজপাত পৰি এগৰাকীৰ মৃত্যু
বিশ্বনাথ, 28 আগষ্টঃ বিশ্বনাথৰ তিনিসুঁতিৰ নাহৰবাৰীত বুধবাৰে পুৱা ব্ৰজ পৰি লক্ষী ওৰাং(45) নামৰ এগৰাকী মহিলা মৃত্যু হয় ৷ এই ঘটনাত আহত হয় লক্ষী ওৰাঙৰ কন্যা মঞ্জিৰা ওৰাং ৷ আহত কিশোৰী গৰাকী বৰ্তমান বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । লক্ষী ওৰাং আৰু কন্যা মঞ্জিৰাই ঘৰত কাম কৰি থকা অৱস্থাতে এই শোকাৱহ ঘটনাটো সংঘটিত হয় । ইফালে এই ব্ৰজপাত পৰা ফলত এটি পশুধনৰো মৃত্যু হয় ।