অসম

assam

ETV Bharat / state

বৃদ্ধা মাতৃৰ ওপৰত পুত্ৰ-বোৱাৰীৰ অকথ্য নিৰ্যাতন

বৃদ্ধা মাতৃৰ ওপৰত পুত্ৰ-বোৱাৰীৰ অকথ্য নিৰ্যাতন ৷ বিশ্বনাথৰ নতুন গাৱঁত চন্দাৱতী দাস নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধাক পুত্ৰ উত্তম দাস আৰু বোৱাৰী পিংকি দাসে দীৰ্ঘদিনৰ পৰা ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

Old women harressed by son and daughter-in-law at Biswanath
বৃদ্ধা মাতৃৰ ওপৰত পুত্ৰ-বোৱাৰীৰ অকথ্য নিৰ্যাতন

By

Published : Sep 15, 2020, 4:53 PM IST

বিশ্বনাথ, 15 ছেপ্তেম্বৰঃ বিশ্বনাথত সংঘটিত হৈছে বৃদ্ধা মাতৃৰ ওপৰত পুত্ৰ-বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ ঘটনা ৷ বিশ্বনাথঘাট আৰক্ষী থানাৰ অন্তৰ্গত নতুন গাঁৱত চন্দাৱতী দাস নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধাক পুত্ৰ উত্তম দাস আৰু বোৱাৰী পিংকি দাসে দীৰ্ঘদিনৰ পৰা ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে,বৃদ্ধা গৰাকীক ভলদৰে খাবলৈ নিদিয়াৰ উপৰিও উপযুক্ত ঔষধ পাতিৰ যোগান নধৰা বুলিও তেখেতে নিজ কন্যা হিমা দাসৰ আগত ব্যক্ত কৰে ৷

বিশ্বনাথত বৃদ্ধা মাতৃৰ ওপৰত পুত্ৰ-বোৱাৰীৰ অকথ্য নিৰ্যাতন

ইয়াৰ পিছতেই কন্যা হিমা দাসে দুয়োৰে বিৰুদ্ধে বিশ্বনাথঘাট আৰক্ষী থানাত অভিযোগ দাখিল কৰে ৷ দেওবাৰে নিশাই আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে ৷ আনহাতে,সোমবাৰে নিশা আৰক্ষীয়ে সোধপোছৰ বাবে পুত্ৰ উত্তম দাসক আটক কৰে ৷

কন্যা হিমা দাসৰ অভিযোগ

লগতে পঢ়ক-গোলাঘাট আৰক্ষীৰ জালত ম'ষ্ট ৱাণ্টেড গাড়ী চোৰ

ABOUT THE AUTHOR

...view details