অসম

assam

ETV Bharat / state

গহপুৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয় মুকলি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সদস্য সকলৰ সুবিধাৰ বাবে কাৰ্যালয় মুকলি ৷ গহপুৰৰ বিধায়ক উৎপল বৰাই মুকলি কৰে গৃহটো ৷

Office Open In Gohpur
গহপুৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয় মুকলি

By

Published : Jan 25, 2021, 9:32 PM IST

বিশ্বনাথ, 25 জানুৱাৰী : দেওবাৰে গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই গহপুৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সদস্য সকলৰ সুবিধাৰ বাবে এটা কাৰ্যালয় মুকলি কৰে । সমষ্টিটোৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত পশ্চিম কলাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যলয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি বিধায়ক বৰাই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মী সকলৰ বাবে পঞ্চায়ত গৃহতে নিৰ্মাণ কৰা এটি কোঠাৰ শুভ উদ্বোধনী কৰে ।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয় মুকলি
বিধায়ক উৎপল বৰাক আদৰণি জনোৱাৰ মুহূৰ্তত
বিধায়ক উৎপল বৰাক আদৰণি জনোৱাৰ মুহূৰ্তত

ইফালে, বিধায়ক গৰাকীয়ে সমষ্টিৰ গোপালপুৰৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত উপস্থিত হৈ ৰাইজৰ সৈতে এক মত-বিনিময় কৰি ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লোৱা লগতে অভাৱ সমূহ পুৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ‌।

গোপালপুৰৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত বিধায়ক উৎপল বৰা
গোপালপুৰৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত বিধায়ক উৎপল বৰা

লগতে পঢ়ক :উগ্ৰপন্থী সংগঠন ডিএনএলএৰ ডিমা হাছাওত 36 ঘন্টীয়া বন্ধৰ আহ্বান

ABOUT THE AUTHOR

...view details