অসম

assam

ETV Bharat / state

পহিলা ব'হাগত ৰাইজক মাছ বিতৰণ প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ - বিশ্বনাথ সমষ্টিৰ প্ৰাক্তন বিধায়ক

বহাগ বিহুৰ প্ৰথমটো দিনত প্ৰাক্তন মন্ত্ৰী নুৰজমাল সৰকাৰৰ ব্যতিক্ৰমী পদক্ষেপ । ওচৰৰ চুবুৰীয়া ঘৰে ঘৰে প্ৰদান কৰিলে মাছ ৷

nurjamal sarkar distributed fish among villagers
nurjamal sarkar distributed fish among villagers

By

Published : Apr 14, 2020, 7:49 PM IST

বিশ্বনাথ, 14 এপ্ৰিল :কৰ'ণা ভাইৰাছে মানৱ জীৱনলৈ কঢ়িয়াই অনা ভাবুকিৰ ফলত এইবাৰ অসমীয়া ৰাইজে আন বৰ্ষৰ দৰে উদযাপন কৰিব পৰা নাই বাপতিসাহোন ৰঙালী বিহু ৷ তাৰোপৰি লক্ ডাউন মানি ঘৰতে থাকিবলৈ চৰকাৰ-প্ৰশাসনে আহ্বান জনাইছে ৰাইজক ৷ গতিকে এই লক্ ডাউনৰ সময়তে চৰকাৰে দিয়া নীতি নিয়মৰ মাজতেই এইবাৰ অসমীয়াই বিহুৰ আয়োজন কৰিছে ।

পহিলা ব'হাগত ৰাইজক মাছ বিতৰণ নুৰজামাল সৰকাৰৰ

তাৰ মাজতে বিশ্বনাথ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে সমষ্টিৰ একাংশ প্ৰতিনিধিৰ জৰিয়তে ওচৰৰ চুবুৰীয়াৰ ঘৰে ঘৰে মাছ বিতৰণ কৰে । ব'হাগৰ প্ৰথমটো দিনত বিশ্বনাথ ঘাটৰ ন-বজাৰ অঞ্চলৰ একাংশ গাৱঁত ঘৰে ঘৰে সৰকাৰৰ প্ৰতিনিধি উপস্থিত হৈ বিতৰণ কৰিলে মাছ । মানুহ বিহুৰ দিনা আন বছৰ ওচৰৰ চুবুৰীয়া সৈতে মিলি-জুলি নুৰজমাল সৰকাৰে এসাজ খাই যদিও এইবাৰ সেই সাজ খোৱা নহ'ল ৷ সামাজিক দূৰত্ব ৰক্ষা কৰা উদ্দেশ্যই সৰকাৰৰ একাংশ শুভাকাংক্ষীৰ প্ৰচেষ্টাত ৰাইজক বিতৰণ কৰা হয় মাছ । উল্লেখ্য যে, প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ উদ্যোগত সমগ্ৰ অঞ্চলটিৰ প্ৰায় ১০০ পৰিয়ালক মাছ বিতৰণ কৰা হয় । ইয়াৰ মাজতে অসমবাসীলৈ বিহুৰ শুভেচ্ছা জনালে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :লক ডাউনৰ ম্যাদ বৃদ্ধিৰ ঘোষণা প্ৰধানমন্ত্ৰীৰঃ ৰাজ্যজুৰি বিভিন্নজনৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details