অসম

assam

ETV Bharat / state

এক জাননীক কেন্দ্ৰ কৰি গহপুৰত উত্তেজনা - সৰ্বসাধাৰণ ৰাইজে

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ বৰঘূলিৰ ৯৩ টা খিলঞ্জীয়া পৰিয়াললৈ গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ জৰিয়তে জাননী প্ৰেৰণ কৰিছে যে, পৰিয়াল কেইটাই নিজৰ ভূমি লগতে নিজৰ ঘৰ-বাৰী এৰি যাব লাগে ৷ এনে নিৰ্দেশ প্ৰদানৰ পিছতে এতিয়া গহপুৰত বিভিন্ন দল সংগঠনৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ এক জাননীক কেন্দ্ৰকৰি উত্তেজনা
গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ এক জাননীক কেন্দ্ৰকৰি উত্তেজনা

By

Published : Apr 24, 2021, 10:08 PM IST

বিশ্বনাথ,২৪এপ্ৰিল:দেশত কৰ'ণাৰ দ্বিতীয়টো ঢৌৱে তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে বহুজনে জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে চিকিৎসালয়ত । ইফালে সৰ্বসাধাৰণে বৰ্তমানৰ ভয়াবহ পৰিস্থিতিৰ সৈতে যুঁজ দি আহিছে; কিন্তু তেনে সময়তে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাত সংঘটিত এক আজৱ কাণ্ডক লৈ এতিয়া উত্তেজিত হৈ পৰিছে সাধাৰণ ৰাইজ । দক্ষিণ বৰঘূলিৰ ৯৩ টা খিলঞ্জীয়া পৰিয়াললৈ গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে জাননী প্ৰেৰণ কৰিছে যে, পৰিয়াল কেইটাই নিজৰ ভূমি লগতে নিজৰ ঘৰ-বাৰী এৰি যাব লাগে ৷ এনে নিৰ্দেশ প্ৰদানৰ পিছতে এতিয়া গহপুৰত বিভিন্ন দল সংগঠনৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ এক জাননীক কেন্দ্ৰকৰি উত্তেজনা

উল্লেখযোগ্য যে, ১৯৭২ চনৰ পৰা অঞ্চলটোৰ উক্ত ভূমিত ৰাইজে বসবাস কৰি আহিছে আৰু তাৰ স্পষ্ট প্ৰমাণ আছে উক্ত ভুমিপুত্ৰ সকলৰ হাতত । লগতে এইসকল ভূমিহীন লোকক এবিঘাকৈ ভূমি দিয়াৰ ব্যৱস্থাও চৰকাৰে গ্ৰহণ কৰিছিল । কিন্তু ৰহস্য জনকভাৱে ইয়াক কাৰ্যকৰী কৰা নহ'ল ৷ তাৰ বিপৰীতে প্ৰশাসনে ঘৰ-বাৰী এৰি যাবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠন সমূহ ।সম্প্ৰতি ভূমিহীন লোক সকলক লৈ হোৱা সমগ্ৰ ঘটনাৰ সৰ্ন্দভত তথা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৰ পুনৰ বিবেচনা কৰিবলৈ জিলা উপায়ুক্তৰ লগতে মহকুমা প্ৰশাসনক সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই দাবী জনাইছে ।

আনহাতে উক্ত অঞ্চলত অনুসূচীত জাতি ছাত্র সন্থাৰ এটা দল উপস্থিত হৈ ঘটনাৰ বুজ লোৱা লগতে শীঘ্ৰে যদি প্ৰশাসনৰ এনে সিদ্ধান্ত বাতিল নকৰে, তেন্তে এই সিদ্ধান্তৰ বিৰুদ্ধে গহপুৰৰ দল-সংগঠন সমূহৰ লগতে ভুক্তভোগী ৰাইজে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়কঃ ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি

ABOUT THE AUTHOR

...view details