অসম

assam

ETV Bharat / state

পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক

পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক-শিক্ষয়ত্ৰী ৷ যাৰ বাবে পাঠদানৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলে বহু অসুবিধা সন্মুখীন হ’ব লগা হৈছে ৷

পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক
পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক

By

Published : May 6, 2021, 7:12 AM IST

বিহালী, 6 মে’:এফালে কৰ’ণা মহামাৰী, আনফালে বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক-শিক্ষয়ত্ৰী ৷ বিহালীৰ পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সীমিত শিক্ষক-শিক্ষয়ত্ৰীৰ বাবে পাঠদানৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলে বহু অসুবিধা সন্মুখীন হ’ব লগা হৈছে ৷

উল্লেখ্য যে, পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই ৰাজনীতি বিজ্ঞান, অসমীয়া, ইতিহাস আৰু ভূগোল বিভাগৰ শিক্ষক ৷ যাৰবাবে বিগত দিন সমূহত শিক্ষক নোহোৱাকৈ ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষা সমূহত অৱত্তীৰ্ণ হ’ব লগা পৰিস্থিতি আহি পৰিছে ।

পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক

আনহাতে, দীর্ঘদিন ধৰি বিদ্যালয়খনত নাই চতুর্থ বৰ্গৰ কর্মচাৰীও ৷ পূৰ্বতে চতুৰ্থ বৰ্গৰ কর্মচাৰী দুজন আছিল যদিও কেইবা বছৰ আগতে অৱসৰ গ্ৰহণ কৰিছে । কিন্তু বিভাগীয় কতৃপক্ষই পুনৰ চতুৰ্থ বৰ্গৰ কৰ্মী নিযুক্তি নিদিয়াত বিদ্যালয়ৰ কাম-কাজত যথেষ্ট অসুবিধা হৈছে ৷

উল্লেখ্য যে, কৰ’ণাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ হৈ আছে ৷ যাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক ঘৰতে থাকি পঢ়াশুনা কৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক:শোণিতপুৰত কৰ’ণাত আক্ৰান্ত হৈ দুজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details