বিশ্বনাথ, 1 জুন: বাৰিষা অহাৰ লগে লগেই এতিয়া শংকিত হৈ পৰিছে নৈ-পৰীয়া ৰাইজ ৷ বাৰিষা আগমনৰ লগে লগে বান আৰু খহনীয়াত জুৰুলা হৈ পৰে নৈ-পৰীয়া ৰাইজ ৷ বান, খহনীয়াৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘম্যাদী আৰু পৰিকল্পিত অভাৱত প্ৰতিবছৰে বান আৰু খহনীয়াত আক্ৰান্ত হয় ৰাজ্যখনৰ লাখ লাখ লোক ৷ শ শ লোকৰ ঘৰ-দুৱাৰ, খেতি-মাটি বান আৰু খহনীয়াত জাহ যোৱাত সৰ্বস্ব হেৰুৱাব লগা হয় (Embankment in Gohpur) ৷
গহপুৰ সমষ্টিৰ গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং নদীয়ে প্ৰতি বছৰে শ শ পৰিয়ালৰ খেতি-মাটি খহনীয়াত জাহ যোৱাৰ লগতে বহু কৃষি ভূমি নষ্ট কৰাৰ ফলত কেইবাখনো গাৱঁৰ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয় ৷ গহপুৰ সমষ্টিৰ অসম-অৰুণাচল সীমান্ত আৰু উত্তৰ দিশে থকা কেইখনমান গাৱঁৰ লগতে গহপুৰ নগৰৰ 6 আৰু 7 নং ৱাৰ্ডৰ গাওঁ সমূহত বসবাস কৰা ৰাইজ প্ৰতি বছৰে বাৰিষাৰ সময়ত বানপানীত জীয়াতু ভুগিব লগীয়া হয় (Flood in Gohpur) ৷ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে এই অঞ্চল সমূহত ইখনৰ পিছত সিখন খহনীয়া প্ৰতিৰোধ আচঁনি ৰূপায়ণ কৰিছে যদিও কোনো এখন আচঁনি আজিলৈকে সম্পূৰ্ণকৈ ৰূপায়ণ কৰিব পৰা নাই ৷ ফলত এতিয়া শংকিত হৈ পৰিছে গহপুৰবাসী (Not built broken embankment in Gohpur) ৷
আনহাতে যিমানেই বাৰিষাৰ দিন চমু চাপি আহিছে সিমানেই চিন্তিত হৈছে পৰিছে গহপুৰ বিধান সভা সমষ্টিৰ 6,7 নং ৱাৰ্ডৰ ৰাইজৰ লগতে কলাবাৰী, ৰাঙলীয়ালৰ কেইবাখনো গাৱঁৰ ৰাইজ ৷ কিন্তু আগন্তুক বাৰিষাৰ আগতেই গহপুৰ চত্ৰং নদীৰ উন্মুক্ত অংশত গাৰ্ডৱাল নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া জলসম্পদ বিভাগৰ ওপৰত এতিয়া বিশ্বাস নাই গহপুৰ সমষ্টিবাসীৰ ৷ বিগত বানপানীৰ সময়ত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই গহপুৰৰ বানপানী আৰু খহনীয়াগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ সৈতে আলোচনা কৰি এই অঞ্চল সমূহত থকা ভগ্ন মথাউৰি সমূহ শীঘ্ৰে মেৰামতি কৰাৰ লগতে চত্ৰং নদীৰ গাৰ্ডৱালৰ কাম সম্পূৰ্ণ কৰিবলৈ 15 কোটি টকাৰ এক আচঁনি আবন্টন দিয়াৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু 15 কোটি টকাৰ আচঁনি আবন্টন দিয়াৰ পিছতো সেই কাম বৰ্তমানলৈকে সম্পূৰ্ণ কৰিব পৰা নাই গহপুৰ জলসম্পদ বিভাগে (Water Resources Minister Piyush Hazarika) ৷
ফলত এতিয়া অঞ্চলটোৰ ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰাইজৰ দাবী 15 কোটি টকাৰ আচঁনি যদি সঁচাকৈয়ে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে আবণ্টন দিছে তেনেহলে আজি পৰ্যন্ত এই আচঁনিৰ কাম তথা ভগ্ন মথাউৰি আৰু খহনীয়া অঞ্চলত কাম সম্পূৰ্ণ কিয় হোৱা নাই সেইয়া ৰহস্যৰ আৰ্ৱতত বুলি উল্লেখ কৰে ৷ উল্লেখযোগ্য যে, কাষতে লাগি থকা অৰুণাচল প্ৰদেশত যদি ধাৰাষাৰ বৰষুণ দিয়ে গহপুৰ অঞ্চলত বানপানী সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত হৈ পৰে ৷ ফলত গহপুৰৰ ৰাইজে সদায়ে বানপানীৰ সৈতে যুজঁ দিবলৈ প্ৰস্তুত থাকিব লাগে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে যি দৰে কাম কৰিব লাগিছিল সেই দৰে কাম কৰা ৰাইজৰ চকুত পৰা নাই বুলি উল্লেখ কৰাৰ লগতে ভগ্ন মথাউৰি সমূহ শীঘ্ৰেই মেৰামতি কৰাৰ লগতে চত্ৰং নদীৰ গাৰ্ডৱাল শীঘ্ৰেই বান্ধিবলৈ দাবী জনাইছে ৰাইজে (Broken embankment in Gohpur) ৷
লগতে পঢ়ক:SCERT Scam: SCERT কেলেংকাৰীৰ অভিযুক্ত অনুপ শইকীয়াক লগত লৈ গেম ভিলেজত অভিযান CM ভিজিলেন্সৰ