বিশ্বনাথ, 2 জুলাই : ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বিশ্বনাথ জিলাতো কভিডৰ দ্বিতীয়টো ঢৌৱে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে ৷ ইফালে কৰ'ণা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে 18 বছৰ উৰ্ধৰ সকলো লোককে ক'ভিড প্ৰতিষেধক প্ৰদান কৰিছে চৰকাৰ তথা স্বাস্থ্য বিভাগে ৷ আনহাতে ৰাজ্যত ক'ভিডৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ কিছু পৰিমানে হ্ৰাস পাইছে যদিও পুনৰ এই ৰোগত আক্ৰান্ত হ'বলৈ ধৰিছে শিশুসকল ৷ সমান্তৰালকৈ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে বহু শিশু ৷
উল্লেখ্য যে, যোৱা 29 জুনলৈকে বিশ্বনাথ জিলাত 1027 টা শিশু আৰু কিশোৰ ক'ভিড-19 ত আক্ৰান্ত হৈছে । ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছে । উক্ত ঘটনাটোক কেন্দ্ৰ কৰি বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই এক প্ৰেছ বিজ্ঞপ্তিত জৰিয়তে জানিবলৈ দিয়ে যে, বৰ্তমান কন্টেইনমেণ্ট জ'নত থকা বিশ্বনাথ জিলাৰ শিশু আৰু কিশোৰৰ ক'ভিড -19 আক্ৰান্ত হোৱাত জিলাখনৰ ভয়াৱহ প্ৰতিচ্ছবি দাঙি ধৰিছে ।