অসম

assam

ETV Bharat / state

বিহালীত নিখিল ভাৰত ছাত্র সন্থা আৰু বিপ্লৱী যুৱ সন্থাৰ যৌথ প্ৰতিবাদ

বিহালীত বিভিন্ন সমাধানৰ দাবীত নিখিল ভাৰত ছাত্র সন্থা আৰু বিপ্লৱী যুৱ সন্থাৰ সদস্যসকলে যৌথ প্ৰতিবাদ সাব্যস্ত কৰে ।

বিহালীত  নিখিল ভাৰত ছাত্র সন্থা আৰু বিপ্লৱী যুৱ সন্থাৰ  যৌথ প্ৰতিবাদ
বিহালীত নিখিল ভাৰত ছাত্র সন্থা আৰু বিপ্লৱী যুৱ সন্থাৰ যৌথ প্ৰতিবাদ

By

Published : Oct 15, 2020, 8:35 AM IST

বিশ্বনাথ, 15 অক্টোবৰ : SI কেলেংকাৰীৰ ন্যায়াধীশ পৰ্যায়ৰ তদন্ত কৰক আৰু লক ডাউনত সংস্থাপন হেৰুৱা লোক সকলক মাহে ১০০০০ টকাকৈ প্ৰদান, অৰুণোদয় আঁচনিৰ নামত ৮৩০ টকাৰ বিপৰীতে দহ হাজাৰ টকাকৈ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত বিহালীৰ বৰগাং চেন্টাৰত নিখিল ভাৰত ছাত্র সন্থা আৰু বিপ্লৱী যুৱ সন্থাৰ সদস্য সকলে যৌথ প্ৰতিবাদ সাব্যস্ত কৰে ।

বিহালীত নিখিল ভাৰত ছাত্র সন্থা আৰু বিপ্লৱী যুৱ সন্থাৰ যৌথ প্ৰতিবাদ
সমগ্ৰ ৰাজ্যতে এতিয়া নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । চাকৰিৰ সংখ্যা দ্ৰুতগতিত হ্রাস পোৱাৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ ব্যাপক হাৰত ব্যক্তিগত খণ্ডক বিক্রী কৰি দিয়া পৰিলক্ষিত হৈছে । আৰু প্ৰায় ১৬ লাখ চৰকাৰী চাকৰি সৃষ্টি কৰিব পৰা ৰেলৱেৰ নিচিনা বিভাগ ব্যক্তিগত খণ্ডৰ হাতত ৫০ বছৰৰ বাবে বিক্রী কৰি দিয়া হৈছে । যাৰ ফলত চৰকাৰী চাকৰি প্ৰায় নোহোৱা হৈ গৈছে ।
বিহালীত নিখিল ভাৰত ছাত্র সন্থা আৰু বিপ্লৱী যুৱ সন্থাৰ যৌথ প্ৰতিবাদ

ইফালে প্ৰত্যেক বছৰে ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত নিবনুৱাৰ সংখ্যা গোটেই ভাৰতত ১৪ কোটিলৈ বৃদ্ধি পাইছে । চৰকাৰী চাকৰিৰ কাৰণে যি দুই এটা পদ ৰাজ্যত ওলায় তাতো ব্যাপকভাবে কেলেংকাৰী সংঘটিত হয় ।

বিহালীত নিখিল ভাৰত ছাত্র সন্থা আৰু বিপ্লৱী যুৱ সন্থাৰ যৌথ প্ৰতিবাদ

তাৰোপৰি কৰ'ণাৰ প্ৰতিৰোধৰ বাবে চৰকাৰ প্ৰশাসনে জাৰি কৰা লক ডাউনৰ কাৰণে আমাৰ বহু যুৱক-যুৱতীয়ে চাকৰি হেৰুৱাই ঘৰলৈ ওভতি আহিবলগীয়া হ'ল আৰু বহু লোকে খোজকাঢ়ি আধা বাটতে মৃত্যুক সাৱটিব লগা হ'ল । অথচ লকডাউনত আদানী-আম্বানীৰ দৈনিক আয় ৯০ কোটিলৈ বৃদ্ধি কেনেকৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।

বিহালীত নিখিল ভাৰত ছাত্র সন্থা আৰু বিপ্লৱী যুৱ সন্থাৰ যৌথ প্ৰতিবাদ

ইয়াৰ প্ৰতিবাদত আৰু নিবনুৱা যুৱক-যুৱতী সকলৰ পৰ্যাপ্ত সংস্থাপনৰ দাবীত সংগঠনদ্বয়ে প্ৰতিবাদীস্থলীৰ পৰা বিহালী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্রী লৈ তিনি দফীয়া দাবী সন্মিলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰে নিখিল ভাৰত ছাত্র সন্থাৰ সভাপতি সুব্ৰত তালুকদাৰ, সম্পাদক ধনঞ্জয় দাস উপ-সভাপতি জ্যোতিপ্ৰকাশ বৰা আৰু বিপ্লৱী যুৱ সন্থাৰ পৰিমল গোড় আৰু অজিত পৰজায়ে ।

লগতে পঢ়ক :জন্ম বাৰ্ষিকী উপলক্ষে ড৹ এপিজে আব্দুল কালাম আজাদলৈ দেশবাসীৰ শ্ৰদ্ধা

ABOUT THE AUTHOR

...view details