1.ফৰেনছিক ৰিপ’ৰ্টত পোৱা গৈছে আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট : মহানগৰ আৰক্ষী আয়ুক্ত
শোৱাপাটীতে কোনো অচিনাক্ত দুৰ্বৃত্তই সপত্নীক হত্যা কৰিছিল মহানগৰীৰ বেলতলাৰ চাৰ্ভে নিবাসী 80 ৰ ঊৰ্ধৰ ননীগোপাল বৰুৱাক ৷ কৰ্মসূত্ৰে দুই কন্যা সন্তান ক্ৰমে বেংগালুৰু আৰু লণ্ডনৰ বাসিন্দা হোৱাৰ হেতু বৰুৱা দম্পতীয়ে দীৰ্ঘদিনে চাৰ্ভেস্থিত ঘৰত অকলশৰীয়াকৈ জীৱন নিৰ্বাহ কৰি আহিছিল ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ অন্তত সকলো কথা চালি-জাৰি চাই মহানগৰ আৰক্ষী আয়ুক্তই উক্ত হত্যাকাণ্ডত কেয়াৰ টেকাৰ আকাশ চৌধুৰী জড়িত থকাৰ ইংগিত প্ৰদান কৰে ৷
2.জানি লওক ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বাহনৰ সৰ্বাধিক গতিবেগ
চাৰিলেনযুক্ত পথত প্ৰতি ঘণ্টাত ৮০ কিল’মিটাৰ গতিবেগৰ ওপৰত বাহন চলাব নোৱাৰিব ৷ সমতল অঞ্চলত চাইড বাম থকা দুইলেন পথত গতিবেগ প্ৰতি ঘণ্টাত ৭০ কিল’মিটাৰ আৰু চাইড বাম নথকা সমতল অঞ্চলত গতিবেগ নিৰ্ধাৰণ কৰা হৈছে ঘণ্টাত ৬০ কিল’মিটাৰ ৷
3.বুধবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি বুঢ়াপাহাৰ আৰু বান্দৰডুবি বনাঞ্চল
পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বান্দৰডুবি বনাঞ্চল ৷ ২০২১-২০২২ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় এই দুই বনাঞ্চল ৷ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ লগতে বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত পৰ্যটকৰ বাবে বনাঞ্চলখনৰ ১৫ কিল’মিটাৰ এলেকা মুকলি কৰি দিয়া হয় ৷ ১৯৩৮ চনৰ পৰা পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বুঢ়াপাহাৰ বনাঞ্চলো বুধবাৰে মুকলি কৰা হৈছে ৷
4.মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সতৰ্ক হোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ
মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰী আঁচনি ঘোষণা কৰাৰ অভিযোগ । আয়োগৰ জাননীৰ উত্তৰ দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ উত্তৰ দিয়ে যে, নিৰ্বাচনী সভাত কৰা ঘোষণাসমূহ পূৰ্বতেই লোৱা সিদ্ধান্ত । বাজেটত ইতিমধ্যে ঘোষণা কৰা উন্নয়নমূলক আঁচনিসমূহৰ কথাহে নিৰ্বাচনী সভাত কোৱা হৈছে । নিৰ্বাচনী সভাত কোনো নতুন ঘোষণা কৰা হোৱা নাই ।
5.মাৰণাস্ত্ৰ দেখুৱাই নগানদী বনগাঁৱৰ পৰা নগাই কাঢ়ি নিলে কৃষকৰ পশুধন
চৰাইদেউৰ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল সমূহত অব্যাহত আছে নগাৰ সন্ত্ৰাস ৷ একাংশৰ অভিযোগ অনুসৰি সোণাৰিৰ নগানদী বনগাঁৱৰ পৰা মাৰণাস্ত্ৰ দেখুৱাই নগা দুৰ্বৃত্তই কাঢ়ি নিয়ে কৃষকৰ গৰু ৷ ধন শইকীয়া চাহানী নামৰ এগৰাকী কৃষকৰ পৰা গৰু কাঢ়ি নিয়ে নগা দুৰ্বৃত্তই ৷ দীৰ্ঘদিন ধৰি নগাই সন্ত্ৰাস অব্যাহত ৰখা উক্ত অঞ্চলটোক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত অসম আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা অভিযোগ স্থানীয় লোকৰ ৷