1.মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নামত দুষ্টচক্ৰৰ অপপ্ৰচাৰ
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নামত সামাজিক মাধ্যমত অপপ্ৰচাৰ দুষ্টচক্ৰৰ ৷ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷
2.ৰাজ্যত পুনৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি, 7 গৰাকীৰ মৃত্যু
বিগত 24 ঘণ্টাত ৰাজ্যত প্ৰায় 270 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্ত ৷ আক্ৰান্তসকলৰ মাজৰ 7 গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে মঙলবাৰে সদৰী কৰিছে এই তথ্য ৷
3.উপনিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছৰ বিধায়কে ফোনত কি ক'লে মুখ্যমন্ত্রীক ?
উপনিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে নিশা ১২.৩০ বজালৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতি কি ক'লে কংগ্ৰেছৰ বিধায়কসকলে । কিয় কংগ্ৰেছৰ দহ-বাৰজন বিধায়কে নিশা ১২.৩০ বজালৈ মুখ্যমন্ত্রীৰ লগত কথা পাতিলে । সংবাদমেলত ক'লে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । আনকি প্ৰদেশ কংগ্ৰেছৰ লগত থকা মানুহেও ফোন কৰিছিল মুখ্যমন্ত্রীক । ট্ৰেক্টৰ আৰু ৰুলাৰৰ চিহ্নক লৈ কিয় ভয় আছিল মুখ্যমন্ত্রীৰ ? সবিশেষ ক’লে সংবাদ মেলত ৷
4.দীপ বায়নক প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক পদত নিযুক্তি
দীপ বায়ন(Deep Bayan)ক অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে নিযুক্তি প্ৰদান সৰ্বভাৰতীয় কংগ্ৰেছ সেৱা দলৰ মুখ্য সংগঠক লালজী দেশাইৰ ৷ অসম প্ৰদেশ কংগ্ৰেছ(Assam Pradesh Congress) সেৱা দল(Seva Dal)ৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ আছিল বায়নে ৷ একাংশ কংগ্ৰেছী বিধায়ক আৰু দলীয় কৰ্মীৰ মাজত প্ৰকট হৈ উঠা নীতি-আদৰ্শৰ সংকটৰ মাজতে সেৱা দলৰ মুখ্য সংগঠক হিচাপে দীপ বায়নৰ এই নিযুক্তি যথেষ্ঠ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।
5.প্ৰবীণ ৰাজনীতিক আব্দুল মুহিব মজুমদাৰৰ শেষ নিশ্বাস ত্যাগ
অসমৰ ৰাজনীতিৰ এটা পৰিচিত নাম, প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰে বুধবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷ দীৰ্ঘদিনে অসুস্থ হৈ থকা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮২ বছৰ ৷ বহু বিতৰ্কিত IMDT আইন অসমত বলৱৎ কৰাৰ আঁৰৰ মানুহগৰাকীয়ে আছিল আব্দুল মুহিব মজুমদাৰ ৷